
নতুন দিল্লী, ০৬ মে’ (হি.স.)। শেহতীয়াকৈ ভাৰতৰ বিধানসভা নিৰ্বাচন আৰু উপ-নিৰ্বাচনত নিৰ্বাচন আয়োগৰ আই টি প্লেটফৰ্ম ইচিনেটে ভোটদান আৰু গণনা প্ৰক্ৰিয়াৰ সময়ত বাস্তৱ সময়ৰ নিৰীক্ষণ, দ্ৰুত প্ৰতিবেদন, আৰু স্বচ্ছতা সক্ষম কৰি তুলিছিল, লগতে চাইবাৰ সুৰক্ষাও শক্তিশালী কৰিছিল।
আয়োগে প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষৰ জানুৱাৰী মাহত মুকলি কৰাৰ পিছৰে পৰা ইচিনেট এপটো ১০ কোটিৰো অধিক বাৰ ডাউনলোড কৰা হৈছে। ভোটদানৰ দিনত এই প্লেটফৰ্মটোৱে ৯৮.৩ কোটিতকৈ অধিক হিট ৰেকৰ্ড কৰাৰ বিপৰীতে গণনাৰ দিনত প্ৰতি মিনিটত গড়ে ৩ কোটি হিট ৰেকৰ্ড কৰে।
ইচিনেটৰ চাইবাৰ সুৰক্ষা প্ৰট’কলৰ জৰিয়তে গণনাৰ দিনটোত ভাৰত আৰু বিদেশৰ পৰা ৬৮ লাখৰো অধিক ক্ষতিকাৰক আক্ৰমণ বিফল হয়। প্ৰথমবাৰৰ বাবে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ গণনা কেন্দ্ৰত QR ক’ড ভিত্তিক ফটো চিনাক্তকৰণ ব্যৱস্থা ৰূপায়ণ কৰা হৈছিল, যাৰ ফলত কেৱল অনুমোদিত কৰ্মীকহে প্ৰৱেশৰ অনুমতি দিয়া হৈছিল আৰু অকৰ্তৃত্বশীল প্ৰৱেশ ৰোধ কৰা হৈছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ