শ্ৰীৰামপুৰত মৃতদেহ উদ্ধাৰ
কোকৰাঝাৰ, ০৬ মে (হি.স.)। শ্ৰীৰামপুৰত এটা মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। শ্ৰীৰামপুৰৰ হাৰাফুটা নৈৰ পৰা উদ্ধাৰ হৈছে মৃতদেহটো। ২ নং শ্ৰীৰামপুৰৰ হাৰাফুটা নদীৰ পৰা উদ্ধাৰ কৰা হৈছে এই মৃতদেহটো। জানিব পৰা অনুসৰি হাৰাফুটা নদীত প
শ্ৰীৰামপুৰত মৃতদেহ উদ্ধাৰ


কোকৰাঝাৰ, ০৬ মে (হি.স.)। শ্ৰীৰামপুৰত এটা মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

শ্ৰীৰামপুৰৰ হাৰাফুটা নৈৰ পৰা উদ্ধাৰ হৈছে মৃতদেহটো।

২ নং শ্ৰীৰামপুৰৰ হাৰাফুটা নদীৰ পৰা উদ্ধাৰ কৰা হৈছে এই মৃতদেহটো। জানিব পৰা অনুসৰি হাৰাফুটা নদীত পৰি থকা মৃতদেহটো শিমূলটাপু আৰক্ষীয়ে উপস্থিত হৈ উদ্ধাৰ কৰে।

মৃতদেহটো মুনু কুমাৰী সাঁও নামৰ লোকজনৰ বুলি জানিব পৰা গৈছে। লোকজন মানসিক বিকাগ্ৰস্ত আৰু মৃগী ৰোগত আক্ৰান্ত আছিল আৰু

নিশা তিনি বজাৰ পৰা ঘৰৰ পৰা ওলাই আহিছিল বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীত শিমূলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ সন্দিকৈ উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰ লৈপ্ৰেৰণ কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande