
দৰং, ০৬ মে (হি.স.)। দৰঙৰ দলগাঁৱত মাছ বজাৰত হঠাৎ ৰাইজৰ ভিৰ। ১০ টকা প্ৰতি পোৱা মাছ কিনিবলৈ মাছ বজাৰত ৰাইজৰ হেতাওপৰা।
দলগাঁও সমষ্টিত এআইইউডিএফ জয়ী হলে ১০ টকা পোৱাত ৰাইজক মাছ খুৱাব বুলি ৰাইজক কথা দিছিল মাছ বেপাৰীয়ে৷ কথা মতেই কাম ৷
দলগাঁও সমষ্টিত এআইইউডিএফৰ প্ৰাৰ্থী মজিবুৰ ৰহমান জয়ী হোৱাৰ পিছত আজি দহ হেজাৰ টকাৰ ডাঙৰ ডাঙৰ ৰৌ মাছ কিনি আনি মনৰ আনন্দত প্ৰতি পোৱাত ১০টকাকৈ বিক্ৰী কৰিছে ৰাইজক৷ সস্তাত মাছ কিনিবলৈ এনেদৰে দলগাঁও দৈণিক বজাৰত আজি প্ৰচণ্ড ভিৰ হৈছে ৰাইজৰ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা