
হোজাই, ০৬ মে’(হি.স.)। ডবকাৰ শালবাগানত চাঞ্চল্যকৰ ডকাইটি কাণ্ড। ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ঘটনা। পিষ্টল দেখুৱাই ,ৰডেৰে মাৰপিট কৰি এজন স্কুটি আৰোহীৰ পৰা লুটিলে পাছ লাখ ছয়ত্ৰিছ হাজাৰ টকা।
নগাওঁ ধিঙৰ বেচামাৰীৰ আবুল নাছাৰ নামৰ লোকজনৰ সৈতে সংঘটিচ হৈছে এই ডকাইটিৰ ঘটনা । আহত আবুল নাচাৰ বৰ্তমানে ডবকাৰ লাইফ কেয়াৰ চিকিৎসালয়ত ভৰ্তি। লোকজনে আজি পুৱাৰ ভাগত ডিমাপুৰত ক্ৰয় কৰা এখন গাড়ীৰ ধন পৰিশোধ কৰিবলৈ ঘৰৰ পৰা ডিমাপুৰ অভিমুখে টকা খিনি লৈ গৈ আছিল।
ডবকাৰ শালবাগান পাওঁতেই এখন স্কৰপিঅ আৰু এখন এল্ট বাহনে লোকজনক বাট আগুছি ধৰি প্ৰথমে মাৰপিট আৰু পাছত পিষ্টল দেখুৱাই ধন খিনি লুট কৰি নিয়াৰ অভিযোগ ভুক্তভূগীৰ । ঘটনা সন্দৰ্ভত ইতিমধ্য ভুক্তভূগীয়ে ডবকা আৰক্ষীক অৱগত কৰোৱা বুলি জানিব পৰা গৈছে।
অভিযুগকাৰীৰ ভাষ্য গ্ৰহন কৰি ডবকা আৰক্ষীয়ে দুৰ্বৃত্তৰ সন্ধানত অনুসন্ধান চলোৱা বুলিওঁ জানিব পৰা হৈছে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা