দেৰগাঁও ১০৪ নং বিধান সভা সমষ্টিত বহু ভোটৰ ব্যৱধানত জয়লাভ এনডিএ মিত্ৰজোটৰ প্ৰাৰ্থী ডঃ মৃদুল কুমাৰ দত্ত
দেৰগাঁও ১০৪ নং বিধান সভা সমষ্টিটো পূৰ্বৰ নিৰ্বাচনতকৈ বহু ভোটৰ ব্যৱধানত জয়লাভ কৰে এন দি য়ে মিত্ৰজোতৰ প্ৰাৰ্থী ডঃ মৃদুল কুমাৰ দত্তই।
দেৰগাঁও ১০৪ নং বিধান সভা সমষ্টিত বহু ভোটৰ ব্যৱধানত জয়লাভ এনডিএ মিত্ৰজোটৰ প্ৰাৰ্থী ডঃ মৃদুল কুমাৰ দত্ত


গোলাঘাট, ০৬ মে’ (হি.স.): বিধান সভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ লগে লগে অসমত এক প্ৰকাৰ ইতিহাস ৰছিলে ভাৰতীয় জনতা পাৰ্টি দলে। সমান্তৰালকৈ দেৰগাঁও ১০৪ নং বিধান সভা সমষ্টিটো পূৰ্বৰ নিৰ্বাচনতকৈ বহু ভোটৰ ব্যৱধানত জয়লাভ কৰে এনডিএ মিত্ৰজোটৰ প্ৰাৰ্থী ডঃ মৃদুল কুমাৰ দত্তই ।

উল্লেখ্য় যে দত্তৰ এই বিজয় এক ঐতিহাসিক ক্ষনৰ সাক্ষীহৈ ৰল দেৰগাঁৱত। কংগ্ৰেছ প্ৰাৰ্থী সাগৰিকা বৰাতকৈ সৰ্বমুঠ ৩৬,৯৫৩ টা ভোটৰ ব্যৱধানত জয়ী হয় ডঃ মৃদুল কুমাৰ দত্ত । এনডিএ মিত্ৰজোটৰ প্ৰাৰ্থীগৰাকীৰ বিজয়ত সন্তুষ্ট তথা উৎসাহিত হৈ পৰে দেৰগাঁও বাসীৰ লগতে গোলাঘট জিলা বি জে পিৰ সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰ । লগতে তেওঁ এই জয়লাভৰ বাবে ৰাইজৰ প্ৰতি কৃতজ্ঞতা ব্যক্ত কৰে।

উল্লেখ্য় যে অসমত বিজেপি মিত্ৰজোঁটে ঐতিহাসিক জয় লাভ কৰিছে। অভিলেখ সৃষ্টি কৰি ১০২খন আসন দখল কৰিলে বিজেপি মিত্ৰজোঁটে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande