শ্ৰীৰামপুৰত এটা মৃতদেহ উদ্ধাৰ
শ্ৰীৰামপুৰত এটা মৃতদেহ উদ্ধাৰ।
শ্ৰীৰামপুৰত এটা মৃতদেহ উদ্ধাৰ


কোকৰাঝাৰ, ০৬ মে’ (হি.স.): কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰত এটা মৃতদেহ উদ্ধাৰ কৰাহৈছে । শ্ৰীৰামপুৰৰ হাৰাফুটা নৈৰ পৰা উদ্ধাৰ কৰা হৈছে মৃতদেহটো।

উল্লেখ্য় যে ২ নং শ্ৰীৰামপুৰ হাৰাফুটা নদী ঘাটত পানী যুৱলীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো । মৃতদহটো পানীৰ সোঁতত উটি অহাৰ সন্দেহ কৰা হৈছে। স্থানীয় ৰাইজে প্ৰথমে মৃতদেহটো প্ৰত্য়ক্ষ কৰি আৰক্ষীক অৱগত কৰে। ইফালে মৃতদেহটো চাবলৈ নদী ঘাটত বহু সংখ্য়ক লোকৰ সমাগম ঘটে। পিছত ঘটনাস্থলীত শিমূলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ সন্দিকৈ উপস্থিত হৈ মৃতদেহটো পানীৰ পৰা উঠইা আনে। পৰৱৰ্তী সময়ত মৃত লোকজনৰ শৰীৰটো মৰণোত্তৰ পৰীক্ষাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰে । বৰ্তমানে মৃতদেহটো চিনাক্ত কৰিব পৰা নাই। এই সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande