বিজেপিয়ে জনাদেশ চুৰি কৰাৰ অভিযোগ কংগ্ৰেছৰ
নতুন দিল্লী, ০৬ মে’ (হি.স.)। কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু প্ৰচাৰ বিভাগৰ অধ্যক্ষই ভাৰতীয় জনতা পাৰ্টিয়ে গণতান্ত্ৰিক প্ৰক্ৰিয়াক কটাক্ষ কৰি কাৰ্যভাৰ চুৰি কৰাৰ অভিযোগ উত্থাপন কৰে । বুধবাৰে দলৰ মুখ্য কাৰ্যালয়ত সংবাদমেলত ভাষণ দি পৱন খেৰাই কয় যে বিজেপিয
कांग्रेस मुख्यालय में बुधवार को पत्रकार वार्ता के दौरान मीडिया एवं प्रचार विभाग के अध्यक्ष पवन खेड़ा।


নতুন দিল্লী, ০৬ মে’ (হি.স.)। কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু প্ৰচাৰ বিভাগৰ অধ্যক্ষই ভাৰতীয় জনতা পাৰ্টিয়ে গণতান্ত্ৰিক প্ৰক্ৰিয়াক কটাক্ষ কৰি কাৰ্যভাৰ চুৰি কৰাৰ অভিযোগ উত্থাপন কৰে ।

বুধবাৰে দলৰ মুখ্য কাৰ্যালয়ত সংবাদমেলত ভাষণ দি পৱন খেৰাই কয় যে বিজেপিয়ে নির্বাচনী প্রতিষ্ঠানসমূহৰ ওপৰত নিয়ন্ত্রণ কৰি অসম আৰু পশ্চিম বংগৰ ভোটাৰ তালিকাত বৃহৎ পৰিসৰৰ হেতালি খেলিছিল ৷ তেওঁ দাবী কৰে যে পশ্চিম বংগত বিশেষ পুনৰীক্ষণৰ সময়ত ৯১ লাখ ভোটাৰক তালিকাৰ পৰা আঁতৰাই দিয়া হৈছিল আৰু ২৭ লাখ নাগৰিকক শুনানিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছিল। বহু আসনত আঁতৰোৱা ভোটাৰৰ সংখ্যাই জয়ৰ ব্যৱধান অতিক্ৰম কৰিলে ।

খেৰাই অভিযোগ কৰে যে এয়া কোনো বিচ্ছিন্ন ঘটনা নহয় বৰঞ্চ মধ্যপ্ৰদেশ, হাৰিয়ানা, মহাৰাষ্ট্ৰ, কৰ্ণাটক, বিহাৰ, আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনতো কৰ্মৰত বিজেপিৰ এক সুপৰিকল্পিত নিৰ্বাচনী খেল । কৰ্ণাটকৰ আলণ্ড বিধানসভা সমষ্টিত ৬,০১৮ টা ভোটাৰ ডিলিটৰ উদাহৰণ দি, ইয়াৰে মাত্ৰ ২৪ টাহে প্ৰকৃত আছিল । হাৰিয়ানাত একেগৰাকী মহিলাৰ ফটো ২২৩ বাৰ বিভিন্ন বুথত ব্যৱহাৰ কৰা হৈছিল।

খেৰাই কয় যে ২০১৯ চনৰ পৰা ২০২৪ চনলৈকে সমগ্ৰ পাঁচ বছৰত মাত্ৰ ৩২ লাখ নতুন ভোটাৰ সংযোজন হোৱাৰ বিপৰীতে পাঁচ মাহৰ ভিতৰতে মহাৰাষ্ট্ৰত ৪০ লাখ নতুন ভোটাৰ সংযোজন কৰা হৈছে । তেওঁ অভিযোগ কৰে যে বিজেপিয়ে এতিয়া কেন্দ্ৰীয় সংস্থা, ভুৱা গোচৰ, ভোটাৰ তালিকাত হেতালি খেলাৰ দৰে কৌশল ব্যৱহাৰ কৰি বিৰোধীক নিৰ্মূল কৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande