ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ
গুৱাহাটী, ০৬ মে’(হি.স.)। বিধানসভা নিৰ্বাচন ২০২৬ৰ ফলাফল ঘোষণাৰ দুদিন পিছতে লোকভৱনত ৰাজ্যপালক সাক্ষাৎ কৰি আজি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজৰ পদৰ পৰা পদত্যাগ কৰে। মুখ্যমন্ত্রীৰ পদত্যাগৰ পাছত আজিৰ পৰা ৰাজ্যত নতুন চৰকাৰ গঠনৰ বাবে অধিক প্
ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ


গুৱাহাটী, ০৬ মে’(হি.স.)। বিধানসভা নিৰ্বাচন ২০২৬ৰ ফলাফল ঘোষণাৰ দুদিন পিছতে লোকভৱনত ৰাজ্যপালক সাক্ষাৎ কৰি আজি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজৰ পদৰ পৰা পদত্যাগ কৰে। মুখ্যমন্ত্রীৰ পদত্যাগৰ পাছত আজিৰ পৰা ৰাজ্যত নতুন চৰকাৰ গঠনৰ বাবে অধিক প্রক্রিয়া আৰম্ভ হয় ৷

উল্লেখযোগ্য যে যোৱা ৯ এপ্ৰিলত ১২৬ জনীয়া অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। ৪ মে’ত ভোটগণনা অনুষ্ঠিত হয়। বিজেপিয়ে অকলেই ৮২খন আসন লাভ কৰি স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰে। এন ডি এৰ বেনাৰত এই নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ পাছতো এন ডি এৰ আন দুই মিত্র দল অসম গণ পৰিষদ আৰু বডোলেণ্ড পিপলছ ফ্রণ্টেও ১০ খনকৈ আসন লাভ কৰে ৷ ফলস্বৰূপে এন ডি এ মিত্ৰজোঁটে ১২৬খন আসনৰ ভিতৰত ১০২খন আসন লাভ কৰে ।

কংগ্ৰেছে মাত্ৰ ১৯খন আসনহে লাভ কৰে । ইফালে কংগ্ৰেছৰ মিত্ৰদল ৰাইজৰ দলে দুখন, এ আই ইউ ডি এফে দুখন আৰু তৃণমূল কংগ্ৰেছে (টি এম চি) এখন আসন লাভ কৰে । বাওঁপন্থী দলসমূহ এইবাৰ সম্পূৰ্ণৰূপে নিঃশেষ হৈ গ’ল । ২০২১ চনৰ নিৰ্বাচনত বাওঁপন্থী দলসমূহে এখন আসন লাভ কৰিছিল ।

পদত্যাগ পত্ৰ দাখিল কৰাৰ পিছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে, আজি গণতন্ত্ৰৰ এক গৌৰৱময় অধ্যায়। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সৈতে সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী হিচাপে মোৰ পদত্যাগ আনুষ্ঠানিকভাৱে দাখিল কৰি পঞ্চদশ অসম বিধানসভা ভংগ কৰিবলৈ অনুৰোধ জনালোঁ । এয়া কেৱল আনুষ্ঠানিকতা নহয়; ইয়াৰ প্ৰতি এক দৃঢ় প্ৰতিশ্ৰুতি । জনসাধাৰণৰ আদেশক সন্মান কৰক।

নতুন চৰকাৰে কাৰ্যভাৰ গ্ৰহণ নকৰালৈকে মোক কেয়াৰটেকাৰ মুখ্যমন্ত্ৰী হিচাপে কৰ্তব্য অব্যাহত ৰাখিবলৈ ৰাজ্যপালে নিৰ্দেশ দিছে। তেওঁৰ পথ প্ৰদৰ্শন আমাৰ বাবে এক উজ্বল পথ প্ৰদৰ্শন হ'ব ।

মুখ্যমন্ত্ৰীয়ে কয়, আমি বিশ্বাস কৰোঁ যে এয়া এক নতুন অধ্যায়ৰ আৰম্ভণি। অধিক শক্তিশালী সংকল্প, অধিক দায়িত্ব, আৰু উন্নয়নৰ প্ৰতি অদম্য দায়বদ্ধতাৰে আমি এন ডি এ ৩.০ গঠনৰ দিশত আগবাঢ়িছো। আমাৰ লক্ষ্য স্পষ্ট: অসমৰ উজ্জ্বল ভৱিষ্যত।

মুখ্যমন্ত্ৰীক সংগ দিয়ে ডা০ ৰণোজ পেগু, মানৱ ডেকা আদিয়ে। লোকভৱনৰ পৰা পোনে পোনে তেওঁ উপস্থিত হয়গৈ বাজপেয়ী ভৱনত। ইয়াত নৱ-নিৰ্বাচিত বিজেপি বিধায়কসকলৰ বৈঠক আয়োজন কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande