
নতুন দিল্লী, ০৬ মে’ (হি.স.)। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই দিল্লী সচিবালয়ত ২২ সংখ্যক কমনৱেলথ টেবুল টেনিছ চেম্পিয়নশ্বিপ ২০২৬ আনুষ্ঠানিকভাৱে ঘোষণা কৰে। তেওঁ কয় যে দিল্লী এতিয়া বিশ্ব ক্ৰীড়াৰ মঞ্চত নিজৰ পৰিচয় প্ৰতিষ্ঠা কৰিবলৈ সাজু হৈছে।
ছ’চিয়েল মিডিয়া একাউণ্ট এক্সত প্ৰকাশ কৰা এটা পোষ্টত মুখ্যমন্ত্ৰীয়ে কয় যে ইংলেণ্ড, অষ্ট্ৰেলিয়া, কানাডা, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা, আৰু মালয়েছিয়াকে ধৰি ৩৫খনতকৈও অধিক কমনৱেলথ দেশৰ খেলুৱৈসকলে ২৭ জুলাইৰ পৰা ২ আগষ্টলৈকে থ্যাগৰাজ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই সন্মানীয় চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব।
তেওঁ কয় যে এই চেম্পিয়নশ্বিপত দিল্লীৰ আধুনিক ক্ৰীড়াৰ সুবিধা, উচ্চমানৰ আন্তঃগাঁথনি, আৰু বিশ্বমানৰ আতিথ্যৰ ক্ষমতা বিশ্বক প্ৰদৰ্শন কৰা হ’ব।
এই উপলক্ষে দিল্লীৰ ক্ৰীড়া মন্ত্ৰী আশীষ সুদৰ লগতে কমনৱেলথ টেবুল টেনিছ ফেডাৰেচন আৰু ভাৰতীয় টেবুল টেনিছ ফেডাৰেচনৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
মন্ত্ৰী আশীষ সুদে কয় যে ৩৫খনতকৈও অধিক কমনৱেলথ দেশৰ খেলুৱৈসকলে ২২ সংখ্যক কমনৱেলথ টেবুল টেনিছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব। এই সন্মানীয় অনুষ্ঠানত দিল্লীৰ বিশ্বমানৰ ক্ৰীড়া আন্তঃগাঁথনি প্ৰদৰ্শন কৰা হ’ব আৰু অলিম্পিকৰ উৎকৃষ্টতা অৰ্জনৰ আমাৰ ‘ভিজন ২০৩৬’ আৰু অধিক শক্তিশালী কৰা হ’ব। তেওঁ কয় যে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ নেতৃত্বত আমি ক্ৰীড়াৰ প্ৰচাৰ আৰু বিশ্বব্যাপী অনুষ্ঠান আয়োজনৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া