১৩ মেত লক্ষীপুৰ যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত হ'ব চতুৰ্থ বাৰ্ষিক মুকলি বিহু প্ৰতিযোগিতা আৰু বহাগী বিদায় উৎসৱ
গোৱালপাৰা, ০৫ মে (হি.স.)। প্ৰাণৰ কিংবদন্তি শিল্পী প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই অহা ১৩ মেত লক্ষীপুৰ যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত হ''ব চতুৰ্থ বাৰ্ষিক মুকলি বিহু প্ৰতিযোগিতা আৰু বহাগী বিদায় উৎসৱ। লক্ষীপুৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ''ব লগী
১৩ মেত লক্ষীপুৰ যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত হ'ব চতুৰ্থ বাৰ্ষিক মুকলি বিহু প্ৰতিযোগিতা আৰু বহাগী বিদায় উৎসৱ


গোৱালপাৰা, ০৫ মে (হি.স.)। প্ৰাণৰ কিংবদন্তি শিল্পী প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই অহা ১৩ মেত লক্ষীপুৰ যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত হ'ব চতুৰ্থ বাৰ্ষিক মুকলি বিহু প্ৰতিযোগিতা আৰু বহাগী বিদায় উৎসৱ। লক্ষীপুৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'ব লগীয়া এই বহাগী বিদায় উৎসৱ এক সুন্দৰ আৰু আকৰ্ষণীয় ৰূপত অনুষ্ঠিত কৰাৰ প্ৰয়াসেৰে উদ্যোক্তা সকলে

চলাইছে ব্যাপক প্ৰস্তুতি ।

এক সুন্দৰ আৰু আকৰ্ষণীয় ভাবে বিগত বৰ্ষত কৰি অহাৰ দৰে এইবেলি অনুষ্ঠিত কৰিব জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই এখনি সাংস্কৃতিক সন্ধিয়া।

প্ৰানৰ শিল্পী গৰাকীৰ গীত মাতেৰে মুখৰিত কৰি তুলিব প্ৰয়াত কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ স্মৃতিত অনুষ্ঠিত হ'ব লগীয়া এই সংগিতানুষ্ঠান।

এই সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ মুকলি কৰিব বিশিষ্ট সমাজকৰ্মী তথা সদ্য বিজয়ী গোৱালপাৰা পশ্চিম বিধান সভা সমষ্টিৰ বি জে পি বিধায়ক পৱিত্ৰ ৰাভাই। এই বহাগী বিদায় উৎসৱত সকলোৰে উপস্থিতি আৰু সহায় সহযোগিতা একান্ত ভাবে কামনা কৰিছে লক্ষীপুৰ যুৱ সমাজৰ সভাপতি মনজিৎ ৰাভাই l

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande