দুলীয়াজানৰ দিৰিয়েল চাহ বাগিচাত জীৱন্তে অগ্নিদগ্ধ হৈ বৃদ্ধাৰ মৃত্যু
ডিব্ৰুগড়, ০৬ মে (হি.স.)। দুলীয়াজানৰ দিৰিয়েল চাহ বাগিচাত ভয়াৱহ অগ্নিকাণ্ড: জীৱন্তে অগ্নিদগ্ধ হৈ বৃদ্ধাৰ শোকাৱহ মৃত্যু। দুলীয়াজানৰ দিৰিয়েল চাহ বাগিচাৰ ১ নং গুলিমাৰা অঞ্চলত আজি এক শোকাবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই বিধ্বংসী অগ্নিকাণ্ডত অৰ্জিনা উ
দুলীয়াজানৰ দিৰিয়েল চাহ বাগিচাত জীৱন্তে অগ্নিদগ্ধ হৈ বৃদ্ধাৰ মৃত্যু


ডিব্ৰুগড়, ০৬ মে (হি.স.)। দুলীয়াজানৰ দিৰিয়েল চাহ বাগিচাত ভয়াৱহ অগ্নিকাণ্ড: জীৱন্তে অগ্নিদগ্ধ হৈ বৃদ্ধাৰ শোকাৱহ মৃত্যু।

দুলীয়াজানৰ দিৰিয়েল চাহ বাগিচাৰ ১ নং গুলিমাৰা অঞ্চলত আজি এক শোকাবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই বিধ্বংসী অগ্নিকাণ্ডত অৰ্জিনা উৰাং নামৰ এগৰাকী বৃদ্ধাৰ কৰুণ মৃত্যু ঘটিছে। প্ৰাপ্ত তথ্য অনুসৰি, আজি হঠাতে দিৰিয়েল চাহ বাগিচাৰ ১ নং গুলিমাৰা নিবাসী অৰ্জিনা উৰাঙৰ বাসগৃহত জুই লাগে। জুইৰ মাত্ৰা ইমানেই ভয়াৱহ আছিল যে নিমিষতে বাসগৃহটো সম্পূৰ্ণৰূপে ভস্মীভূত হয়। দুৰ্ভাগ্যবশতঃ, ঘৰত অকলশৰে থকা প্ৰায় ৬০ বছৰীয়া বৃদ্ধাগৰাকীয়ে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম নহ’ল আৰু জুইত জাহ গৈ তেওঁৰ কৰুণ মৃত্যু ঘটে।

ঘটনাটোৰ পাছতে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও তাৰ পূৰ্বেই বৃদ্ধাগৰাকীৰ মৃত্যু হয় আৰু ঘৰটো সম্পূৰ্ণৰূপে ছাইত পৰিণত হয়। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।

ইতিমধ্যে আৰক্ষী আৰু প্ৰশাসনৰ তৰফৰ পৰা ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰা হৈছে। বৃদ্ধাগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande