
কংগনা ৰানাৱতৰ বহু প্ৰত্যাশিত ছবি ভাৰত ভাগ্য বিধাতাৰ মুক্তিৰ তাৰিখ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। অহা ১২ জুনত ছবিগৃহত মুক্তি পাব ছবিখন। ২৬/১১ৰ মুম্বাই আক্ৰমণৰ পটভূমিত নিৰ্মিত ছবিখনত কংগনাই কামা হাস্পতালত কৰ্তব্যৰত অৱস্থাত সাহস আৰু মানৱতাৰ উদাহৰণ দাঙি ধৰা এগৰাকী নাৰ্ছৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
পৰিচালক মনোজ তপৰিয়া, ছবিখনে পোহৰলৈ আনিছে শ শ লোকক বচাবলৈ নিজৰ জীৱনকো তুচ্ছ কৰি অগোৱা নায়কৰ কাহিনী। মানৱতা, ঐক্য, দায়বদ্ধতাৰ মনোভাৱক উজ্জ্বল কৰি তোলা ছবিখনৰ পোষ্টাৰখনো মুকলি কৰা হৈছে।
কংগনাৰ প্ৰডাকচন হাউছ মণিকৰ্ণিকা ফিল্মছৰ দ্বাৰা পৰিবেশন কৰা ছবিখন। ইয়াত গিৰিজা অক, স্মিতা টাম্বে, অমৃতা নামদেৱ, এছা দে, প্ৰিয়া বেৰদে, আশা শ্বেলাৰ, সুহিতা থাট্টে, ৰসিকা আগশ্বে, আদিত্য মিশ্ৰ, আৰু জাহিদ খানে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ভাৰত ভাগ্য বিধাতাক সাহস, ত্যাগৰ, আৰু দেশপ্ৰেমৰ সঁচা কাহিনী হিচাপে বিল কৰা হৈছে, আৰু ই দৰ্শকৰ বাবে গভীৰ আৱেগিক অভিজ্ঞতা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী