
ওদালগুৰি, ০৬ মে (হি.স.)। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা কালি কৈছিল কংগ্ৰেছৰ মধ্যস্ততাকাৰীয়ে বিপিএফ আৰু এজিপিৰ লগত চৰকাৰ গঠনকলৈ আলোচনা চলাইছিল।আজি ওদালগুৰিত বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে স্বীকাৰ কৰি কলে আলোচনা কৰা হয় কিন্তু তেওঁৰ লগত নহয় বিপিএফ ৰ আন নেতাৰ লগত হে ।
ওদালগুৰিত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ এক গুৰুত্বপূর্ণ মন্তব্যই ৰাজনৈতিক মহলত চাঞ্চল্য সৃষ্টি কৰিছে।মন্ত্ৰীত্বক লৈ কোনো ধৰণৰ বাৰ্গেনীং নকৰোঁ বুলি স্পষ্ট কৰি দিয়ে মহিলাৰীয়ে। ওদালগুৰিত সংবাদ মাধ্যমৰ আগত মন্তব্য ৰাখি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় যে, তেওঁ মন্ত্ৰীত্ব লাভৰ বাবে হিমন্ত বিশ্ব শৰ্মা ক নকয়।তেওঁ স্পষ্টকৈ কয় বাৰ্গেনীং যদি কৰিব লাগে, তেন্তে সেইটো হব বিটিচিৰ উন্নয়নৰ স্বাৰ্থতহে।মই মন্ত্ৰীত্বলৈ বাৰ্গেনীং নকৰোঁ। মই বাৰ্গেনীং কৰিম কেৱল বিটিচিৰ উন্নয়নৰ বাবে। ইউ পি পি এল দলকো তীব্ৰভাবে কটাক্ষ কৰে মহিলাৰীয়ে। তেওঁ কয়, ইউপিপিএল দলৰ এটা স্বভাৱ হৈছে সঘনাই নাম সলনি কৰা। হাগ্ৰামা মহিলাৰীৰ এই মন্তব্যই আগন্তুক দিনত বিটিচিৰ ৰাজনীতিত নতুন সমীকৰণৰ ইংগিত বহন কৰিছে ।হাগ্ৰামা মহিলাৰীৰ উপস্থিতত ওদালগুৰি জিলা বিপিএফ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক অনষ্ঠিত হৈছিল ।নিৰ্বাচনৰ ফলাফলৰ পিছতেই প্ৰথম খন বৈঠক মিলিত হৈছে হাগ্ৰামা মহিলাৰী।উপস্থিত থাকে ৰিহণ দৈমাৰী,চৰণ বড়ো, মনেশ্বৰ বড়ো লগতে ওদালগুৰি জিলাৰ বিটিচিৰ কাৰ্যবাহী সদস্য,পাৰিষদ সকল ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ