
এই জয় অসম আৰু দেশক ভালপোৱা জনতা জনার্দনৰ জয়: দিলীপ শইকীয়া
গুৱাহাটী, ০৬ মে (হি.স.)। এনডিএৰ মিত্ৰদল অসম গণ পৰিষদৰ আমন্ত্রণক্রমে আজি ভাৰতীয় জনতা পার্টি অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই অসম গণ পৰিষদৰ গুৱাহাটী আমবাৰীস্থিত ৰাজ্যিক কার্যলয়ত উপস্থিত হয়।
অসম গণ পৰিষদৰ ৰাজ্যিক সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত তথা অসম গণ পৰিষদৰ শীর্ষ নেতৃত্বই বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগতে তেওঁৰ সৈতে অসম গণ পৰিষদৰ কাৰ্যলয়লৈ অহা অসম প্রদেশ বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজু, নলবাৰী সমষ্টিৰ নৱ-নির্বাচিত বিধায়ক তথা বিজেপিৰ জ্যেষ্ঠ নেতা জয়ন্ত মল্ল বৰুৱা সহিতে বিজেপিৰ জেষ্ঠ নেতৃবৃন্দক উস্ম আদৰণী জনায়।
দুয়োটা দলে বিধানসভা নির্বাচনত লাভ কৰা ঐতিহাসিক সাফল্য আৰু উপলব্ধি সন্দর্ভত এক পর্যালোচনা সভাত মিলিত হয়। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই অসম গণ পৰিষদৰ নৱ-নির্বাচিত বিধায়িনী দলৰ দলপতি মাননীয় অতুল বৰা ডাঙৰীয়া, উপ-দলপতি কেশৱ মহন্ত লগতে অসম গণ পৰিষদৰ নৱ-নির্বাচিত বিধায়কসকলক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।
যৌথ বৈঠক সম্বোধন কৰি সভাপতি শইকীয়াই অগ্রগামী অসমৰ কল্যাণ আৰু অসমৰ সামাজিক উন্নয়নৰ বাবে অহা পাচ বছৰত অসম গণ পৰিষদৰ নিৰ্বাচিত বিধায়কসকলে আই অসমীৰ সেৱাত নিমগ্ন হ'ব বুলি আশা প্রকাশ কৰে। সভাপতি শইকীয়াই কয় যে স্বাধীনোত্তৰ ভাৰতবৰ্ষৰ ইতিহাসত ৪ মে'ৰ দিনটো সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব। অসমৰ ১২৬ খন আসনৰ ভিতৰত ১০২ খন আসনত এনডিএ মিত্ৰদলৰ এই জয় অসমৰ জনতা জনাদনৰ জয়, এই জয় অসমক ভালপোৱা আৰু দেশক ভালপোৱা প্ৰতিগৰাকী অসমবাসীৰ জয়, প্ৰতিগৰাকী অসমৰ সংখ্যাগুৰু খিলঞ্জীয়া ভূমিপুত্ৰৰ জয়।
সভাপতি শইকীয়াই এই নিৰ্বাচনত সম্মুখৰপৰা সবলভাবে নেতৃত্ব দিয়া অসমৰ কৰ্মযোগী, জনদৰদী তথা ভবিষ্যদর্শী মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক আন্তৰিক শুভেচ্ছা, অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। অসমৰ কর্মদক্ষ তথা বলিষ্ঠ নেতা ড০ হিমন্ত বিশ্ব শর্মাক এনডিএৰ তৃতীয়টো কার্যকালৰ বাবে নেতা নির্বাচিত কৰি তেখেতৰ নেতৃত্বতে অসমত তৃতীয়বাৰৰ বাবে এনডিএ চৰকাৰ গঠন হব বুলি মন্তব্য অগবঢ়াই সভাপতি শইকীয়াই।
সভাপতি শইকীয়াই অসম গণ পৰিষদৰ সৈতে ২০০১ চনৰপৰা আজিলৈকে থকা মিত্ৰতাৰ মধুৰতা সোৱৰণ কৰি কয় যে পৰিবৰ্তিত ৰাজনৈতিক পৰিস্থিতিত কেতিয়াবা সৰু সুৰা ক্ষেত্ৰত বা বিষয়ত মতৰ অমিল হলেও মনৰ অমিল হোৱা নাই। অসম গণ পৰিষদৰ সৈতে ৰূপালী জয়ন্তী বৰ্ষত উপনীত হোৱা বিজেপিৰ মিত্ৰতা ৰামধেনু সদৃশ মিত্রতা। বাষ্ট্ৰীয় আৰু জাতীয় আদৰ্শৰ মহামিলনৰ এক উদাহৰণ বিজেপি আৰু অসম গণ পৰিষদৰ মিত্রতা। এই মিত্রতা এখন অগ্রগামী অসম গঢ়াৰ স্বাৰ্থত মধুৰ হওক দীর্ঘজীৱী হওক তাৰে কামনা কৰে প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী