
ধুবুৰী, ০৬ মে (হি.স.)। গোলকগঞ্জত বিজেপিৰ বিজয় উল্লাস, অশ্বিনী ৰায় সৰকাৰৰ বৃহৎ জয়lগোলকগঞ্জত বিজেপি দলৰ বিজয় মিছিলক লৈ দেখা গ’ল উৎসৱমুখৰ পৰিৱেশ। গোলকগঞ্জ বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিজেপি বিধায়ক অশ্বিনী ৰায় সৰকাৰৰ সৈতে হাজাৰ হাজাৰ দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে এই বিজয় মিছিলে।
বিজেপি প্ৰাৰ্থী অশ্বিনী ৰায় সৰকাৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাত গোলকগঞ্জত সৃষ্টি হৈছে আনন্দ আৰু উৎসাহৰ ঢৌ। দলীয় কাৰ্যালয়ত কৰ্মীসকলে নতুনকৈ নিৰ্বাচিত বিধায়কগৰাকীক সম্ভাষণ জনায়। ইয়াৰ পাছতেই এক বিশাল বিজয় মিছিল উলিয়াই সমগ্ৰ অঞ্চলটো আনন্দেৰে মুখৰ কৰি তোলে।উল্লেখযোগ্য যে, গোলকগঞ্জ বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী অশ্বিনী ৰায় সৰকাৰে ৩০,৭৮২টা ভোটৰ বৃহৎ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থী কাৰ্ত্তিক চন্দ্ৰ ৰায়ক পৰাজিত কৰি জয়লাভ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ