বৰক্ষেত্ৰী সমষ্টিৰ দাহুদী কালী মন্দিৰ প্ৰাঙ্গনত বিজেপিৰ নেতা কৰ্মীৰ ফটকা ফুটাই বিজয় উল্লাস
বৰক্ষেত্ৰী সমষ্টিৰ দাহুদী কালী মন্দিৰ প্ৰাঙ্গনত বিজেপিৰ নেতা কৰ্মী সকলে ফটকা ফুটাই বিজয় উল্লাস।
বৰক্ষেত্ৰী সমষ্টিৰ দাহুদী কালী মন্দিৰ প্ৰাঙ্গনত বিজেপিৰ নেতা কৰ্মীৰ ফটকা ফুটাই বিজয় উল্লাস


নলবাৰী, ০৬ মে’ (হি.স.): অসম বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ঐতিহাসিক জয় লাভ কৰিছে । একেদৰে নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিত জয়ী হৈছে বিজেপিৰ নাৰায়ণ ডেকা। নাৰায়ণ ডেকাৰ জয়লাভৰ পিছত বৰক্ষেত্ৰী সমস্টিৰ সৰ্থেবাৰীৰ নিকটবৰ্তী দাহুদী কালী মন্দিৰ প্ৰাঙ্গনত বিজেপি কৰ্মী সমৰ্থকৰ ফটকা ফুটাই বিজয় উল্লাস প্ৰকাশ কৰে। মঙ্গলবাৰে সন্ধিয়া বৰক্ষেত্ৰী সমষ্টিৰ দাহুদী কালী মন্দিৰ প্ৰাঙ্গনত বিজেপিৰ নেতা কৰ্মী সকলে ফটকা ফুটাই বিজয় উল্লাস পালন কৰে।

বৰক্ষেত্ৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী নাৰায়ণ ডেকাই বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰাত উৎফুল্লিত হৈ পৰে বিজেপিৰ সমৰ্থক সকল। বিজেপি জিন্দাবাদ, ড: হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, নাৰায়ণ ডেকা জিন্দাবাদ আদি শ্লোগানেৰে সমগ্ৰ অঞ্চল মুখৰিত কৰি তোলে । উল্লেখ্য় যে অভিলেখ সৃষ্টি কৰি ১০২খন আসন দখল কৰিলে বিজেপি মিত্ৰজোঁটে। নিৰংকুশ সংখ্যাগৰিষ্ঠাৰে পুনৰ বিজেপিয়ে অসমত গঠন কৰিব চৰকাৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande