
কামৰূপ, ০৬ মে (হি.স.)। কামৰূপ জিলাৰ কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বাইহাটাৰ পৰা চুৰি ক'লা ইলাচি । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত বাইহাটাত থকা হিলছ এন ভেলীছ অৰ্গেনিকছ প্ৰাইভেট লিমিটেড নামৰ মচলা গুদামৰ পৰা চুৰি হৈছিল ইলাচি খিনি । এই চুৰি হোৱা সংক্ৰান্ত গুদামৰ তত্বাৱধায়কে কমলপুৰ আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ । এজাহাৰৰ ভিত্তিত কমলপিুৰ আৰক্ষীয়ে অভিযান চলাই গুৱাহাটীৰ মাছখোৱাৰ মনোজ শৰ্মা নামৰ মচলা ব্যৱসায়ী জনৰ দোকানৰ পৰা জব্দ কৰে চুৰি ইলাচি খিনি ।
ইলাচি খিনি চুৰি কৰিছিল গুদামৰ কমৰ্চাৰী নলবাৰী জিলাৰ মুকালমুৱাৰ মফিদুল ইছলামে । কমলপুৰ আৰক্ষীয়ে মফিদুল ইছলামক আটক কৰাৰ লগতে প্ৰয় ১২০ কিলোগ্ৰাম ইলাচি আৰু এখন পালচাৰ বাইকো জব্দ কৰি কমলপুৰ আৰক্ষী থানালৈ লৈ আহে । লগতে মচলা ব্যৱসায়ী মনোজ শৰ্মাকো সোধপোছৰ কাৰনে আনি পিচত যাৱলৈ দিয়ে । চুৰি কৰা জনক আৰক্ষীয়ে আইনী প্ৰক্ৰিয়াৰে জেল হাজোতলৈ প্ৰেৰণ কৰে যদিও চুৰি সামগ্ৰী ক্ৰয় কৰা ব্যৱসায়ী জনক যাৱলৈ দিয়া কাৰ্যত সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ । এইক্ষেত্ৰত কমলপুৰ আৰক্ষীয়ে ব্যৱসায়ী জনৰ ওপৰত নৰম স্থিতি গ্ৰহণ কৰাৰো সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ