
নগাঁও, ০৬ মে্ৰ (হি.স.): নগাঁও জিলাৰ ৰূপহীহাটৰ কাৱৈমাৰী এফ আৰ ইউ হস্পিতালত সংঘটিত হৈছে এক দুষ্কাৰ্যৰ ঘটনা। হস্পিতালখনক চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নুৰ মহম্মদ নামৰ লোকজনক কৰ্তব্যৰত নাথ উপাধিৰ নাৰ্চ এগৰাকীক অপকৰ্মৰ চেষ্টা চলোৱাৰ অভিযোগত আটক কৰা হৈছে।
প্ৰাপ্ত তথ্যমতে, শুক্ৰবাৰ নিশা কৰ্তব্যৰত নাথ উপাধিৰ নাৰ্চক চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নুৰ মহম্মদে হস্পিতালৰ কোঠালিৰ ভিতৰত বলপূৰ্বক ভাৱে শাৰীৰিক সম্পৰ্কৰ অপ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত কৰে ভুক্তভোগী নাৰ্চ গৰাকীয়ে । নিশা কৰ্তব্যৰত নাৰ্চ গৰাকীয়ে একেখন হস্পিতালত কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নুৰ মহম্মদৰ অপ কৰ্মৰ বলি হৈ গোচৰ ৰুজু কৰে । অভিযোগৰ ভিত্তিত ৰূপহীহাট আৰক্ষীয়ে লম্পট নুৰ মহম্মদৰ বিৰুদ্ধে ১২০/২৬ নম্বৰৰ গোচৰ ৰুজু কৰি জেল হাজতলৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ