
ইটানগৰ, ০৬ মে’(হি.স.)। চিবিআইয়ে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বিৰুদ্ধে চলি থকা প্ৰাথমিক তদন্তৰ পোহৰত অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গেগং আপাঙে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ শীঘ্ৰে পদত্যাগৰ দাবী জনাইছে। খাণ্ডুৰ বিৰুদ্ধে ১০ বছৰীয়া কাৰ্যকালত পৰিয়ালৰ সদস্যক অবৈধভাৱে ১,২৭০ কোটি টকাৰ পিডব্লিউডিৰ চুক্তি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে।
ন্যায্য আৰু স্বতন্ত্ৰ তদন্ত নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীৰ পদত্যাগ প্ৰয়োজনীয় বুলি উল্লেখ কৰে। দুৰ্নীতি আৰু নেপটিজিমৰ গুৰুতৰ অভিযোগৰ আদালতৰ তদন্তৰ সন্মুখীন হৈ থকাৰ সময়তে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ পদত থকাটো অনৈতিক আৰু ৰাজনৈতিকভাৱে অনুচিত বুলি আপাঙে উল্লেখ কৰে।
প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, যেতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰীজন কেন্দ্ৰত শাসকীয় দলৰ অন্তৰ্গত আৰু চিবিআই কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ কাৰ্যবাহী নিয়ন্ত্ৰণত থাকে, তেতিয়া চিবিআইৰ তদন্ত ন্যায্য আৰু স্বাধীন হ'ব বুলি আশা কৰিব নোৱাৰি। যদি পেমা খাণ্ডুৱে পদত্যাগ নকৰে আৰু প্ৰাথমিক তদন্তত ক্লিয়াৰ হয়, তেন্তে আমি স্বীকাৰ কৰিবলৈ বাধ্য হ'ম যে তদন্ত কেতিয়াও ন্যায্য আৰু স্বাধীন নাছিল।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী