
শ্ৰীভূমি, ০৬ মে (হি.স.)। ৬৫ খন এটিএম সহ শ্ৰীভূমিত আৰক্ষীৰ জালত বৃহৎ এটিএম প্ৰতাৰক চক্ৰৰ দুই সদস্য । দুজন দুৰ্ধৰ্ষ এটিএম প্ৰতাৰকক গ্ৰেপ্তাৰ কৰিছে জিলাৰ ৰামকৃষ্ণনগৰ আৰক্ষীয়ে। ধৃত দুজনৰ নাম জব্বাৰ আলী লস্কৰ আৰু আফজল হোসেন লস্কৰ। দুয়োৰে ঘৰ কাছাৰ জিলাৰ শিলচৰৰ দাঁতি-কাষৰীয়া অঞ্চলত। তেওঁলোকৰ পৰা মুঠ ৬৫ খন এটিএম কাৰ্ড, চাৰিটা মোবাইল ফোন আৰু প্ৰায় ৫,০০০ টকা নগদ জব্দ কৰা হৈছে।
এই ঘটনাৰ আৰম্ভণি হয় ৰামকৃষ্ণনগৰৰ বাসিন্দা মতিলাল চৌধুৰীৰ অভিযোগৰ ভিত্তিত। তেওঁৰ বেংক একাউণ্টৰ পৰা আচম্বিতে ২৭ হাজাৰ টকা উধাও হৈ যায়। ইয়াৰ পিছতে তেওঁ থানাত লিখিত অভিযোগ দাখিল কৰে। অভিযোগ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি বিভিন্ন এটিএম বুথৰ চিচিটিভি ফুটেজ সংগ্ৰহ কৰি পৰ্যালোচনা কৰে। সেই হিচাপে আৰক্ষীয়ে অভিযুক্ত দুজনক চিনাক্ত কৰি পিছত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জেৰা চলোৱাৰ সময়ত ধৃতসকলে স্বীকাৰ কৰে যে তেওঁলোকে সাধাৰণতে বয়স্ক লোকসকলক লক্ষ্য কৰি লৈছিল। এটিএমৰ পৰা টকা উলিয়াবলৈ সহায় কৰাৰ অজুহাতত তেওঁলোকে কাৰ্ড সলনি কৰি লয় আৰু পিছত সেই কাৰ্ড ব্যৱহাৰ কৰি টকা উঠাই লয়।
পুলিচে জনাইছে যে এই ঘটনাৰ সৈতে বৰাক জুৰি আৰু ডাঙৰ প্ৰতাৰণা চক্ৰ জড়িত থকাৰ সম্ভাৱনা আছে । সেই দিশে আৰক্ষীয়ে তদন্ত এতিয়াও অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু