
মৰিগাঁও, ০৬ মে (হি.স.)। মৈৰাবাৰীত আজি পুৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। পথৰ পৰা বাগৰিল এখন মালভৰ্তি টাটা এচ।
দক্ষিণ মৈৰাবাৰীত সংঘটিত হয় এটি পথ দুৰ্ঘটনা। এখন নম্বৰ বিহীন টাটা এছ মালবাহী গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষতে এটি খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাত কথমপিহে প্ৰাণ ৰক্ষা পৰে গাড়ীৰ চালকজনৰ।
ইতিমধ্যে স্থানীয় ৰাইজৰ তৎপৰতাত গাড়ী খনৰ চালকক সুৰক্ষিত ভাৱে উদ্ধাৰ কৰা হৈছে।
দুৰ্ঘটনাত কোনো লোক গুৰুতৰ বাবে আহত হোৱা নাই। আনফালে মৈৰাবাৰী আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য্য অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু