
ওদালগুৰি, ০৫ মে (হি.স.)। ওদালগুৰি জিলাৰ মেধিপাৰাত সন্ধানহীন এগৰাকী ১২ বছৰীয়া কিশোৰ | বিগত ৪ মে'ৰ পৰা বৰ্তমানলৈ কোনো সন্ধান নাই মেধিপাৰা গাঁৱৰ ফাৰুক আব্দুল্লাহ (পিতা: আজগৰ আলী) নামৰ ১২ বছৰীয়া কিশোৰজনৰ | আবেলি ৩ মান বজাত ঘৰৰ পৰা চাইকেল লৈ ওলাই যোৱা কিশোৰজনৰ বর্তমানলৈ কোনো সন্ধান লাভ কৰা নাই পৰিয়ালে |
মাতৃক ১০ টকা খুজাত সেই ধন নিদিয়াৰ পাছতেই চাইকেল চলাই ওলাই গৈছিল কিশোৰজন | বর্তমানেও কোনো সন্ধান লাভ নকৰাত এতিয়া শংকাত ভুগিছে পৰিয়ালটো | ঘটনা সন্দৰ্ভত পৰিয়ালে ইতিমধ্যে কাষ চাপিছে আৰক্ষীৰ | ওদালগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সাপমাৰী আৰক্ষী চকীক বিষয়টো ইতিমধ্যে অৱগত কৰিছে পৰিয়ালৰ লোকে | কোনো সদাশয় লোকে সন্ধানহীন হোৱা কিশোৰ ফাৰুক আব্দুল্লাহৰ খবৰ পালে 7002289657 আৰু 9074397451 নম্বৰত যোগাযোগৰ কাতৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে |
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু