
নলবাৰী, ০৪ মে’ (হি.স.)। অসম বিধানসভা নিৰ্বাচনৰ আজি ভোট গণনা কৰা হৈছে। সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই আজি ঘোষণা হ’ব ফলাফল। পুৱা ৮ বজাৰ লগে-লগে আৰম্ভ হৈছে ভোটগণনা।
ইফালে ভোট গণনাৰ পূৰ্বমুহূৰ্তত নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত বালিলেচাৰ প্ৰাচীন আৰু ঐতিহ্যবাহী কালী মন্দিৰত উপস্থিত হৈ পূজা-অৰ্চনা কৰে জয়ন্ত মল্লবৰুৱাই। আগন্তুক ফলাফলৰ আগতে আধ্যাত্মিক আশীৰ্বাদ লাভ কৰাৰ উদ্দেশ্যে তেওঁ মন্দিৰত উপস্থিত হৈ মা কালীৰ চৰণত সেৱা আগবঢ়ায়। এই সময়ছোৱাত মন্দিৰ প্ৰাঙ্গণত এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয়, য’ত স্থানীয় লোকসকল আৰু সমৰ্থকসকলেও উপস্থিত থাকে।
জয়ন্ত মল্লবৰুৱাই কয় যে ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ বাবে পুণৰ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠন হ'ব। লগতে ৩৯ নং নলবাৰী বিধানসভা সমষ্টিত ৰাইজৰ মৰমৰ বাবে পুনৰবাৰ ৰাইজৰ সেৱা কৰাৰ সুযোগ লাভ কৰিব বুলি মত প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।
উল্লেখ্য যে আন আন প্ৰান্তৰ সমান্তৰালকৈ নলবাৰীতো পুৱা ৮ বজাৰ লগে লগে আৰম্ভ হৈছে ভোট গণনা প্ৰক্ৰিয়া।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া