
হোজাই, ০৪ মে’ (হি.স.)। অসম বিধানসভা নিৰ্বাচনৰ আজি ৪ মে’ সোমবাৰে ভোটগণনা কৰা হৈছে ৷ ভোটগণনা অনুসৰি বিজেপি নেতৃত্বাধীন এনডিএই ৯৯ খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে বিৰোধী ঐক্য মঞ্চই মাত্ৰ ২৪ খন আসনতহে অগ্ৰগতি লাভ কৰিছে । ইফালে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলে দুখন আসনত অগ্ৰগতি লাভ কৰিছে । আনহাতে ভোটগণনাত শেহতীয়া ফলাফল অনুসৰি ৬২ নং বিন্নাকান্দি সমষ্টিৰ পৰা নিৰ্বাচন খেলা এ আই ইউ ডি এফৰ সভাপতি তথা প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে জয়ৰ দিশে অগ্ৰসৰ হৈছে।
বিন্নাকান্দি সমষ্টিত বৰ্তমান হাতত ৮৪,৪২৪টা ভোট লৈ অগ্ৰগতি লাভ কৰিছে এ আই ইউ ডি এফৰ মহম্মদ বদৰুদ্দিন আজমল (৭০)। অসম জাতীয় পৰিষদৰ ৰেজাউল কৰিম চৌধুৰীয়ে ৫৮,১৩০ ভোটত পিছ পৰি আছে, যাৰ ফলত দুয়োৰে মাজত ব্যৱধান প্ৰায় ২৬,২৯৪ টা। দ্বাদশ শ্ৰেণীৰ অৰ্হতা লাভ কৰা আজমলে এই আসনত অবৰ্তমানৰ পদত প্ৰতিদ্বন্দ্বিতা কৰিছে। বিন্নাকান্দিৰ ফলাফল এতিয়াও ঘোষণা কৰা হোৱা নাই। উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত পূৰ্বৰ যমুনামুখ সমষ্টিক বিলুপ্ত কৰি বিন্নাকান্দি সমষ্টি গঠন কৰা হয় । এই সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিছে আজমলে ।
অসমৰ ৰাজনীতিত এক চৰ্চিত নাম বদৰুদ্দিন আজমল । বিগত সময়ছোৱাত তেওঁ লোকসভাৰ সাংসদ আছিল যদিও ২০২৪ ৰ নিৰ্বাচনত কংগ্ৰেছৰ ৰকিবুল হুছেইনৰ হাতত কমেও ১০ লাখ ভোটত পৰাস্ত হয় । এইবাৰ ৰাজ্যৰ ৰাজনীতিলৈ পুনৰ উভতি আহিছে আজমল ।
প্ৰণিধানযোগ্য যে ২০০৪ চনত আজমলে অসম সংযুক্ত গণতান্ত্ৰিক মৰ্চা নামেৰে এটা দল গঠন কৰিছিল । পাছত ২০০৯ চনত সেই দলটোক সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা নাম দি ৰাজনৈতিক দল হিচাপে ঘোষণা কৰে । ২০০৬ চনত দক্ষিণ শালমৰা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈ বিৰোধীৰ আসনত বহে আজমল । তাৰপাছত তেওঁ ২০০৯ চনত ধুবুৰী সমষ্টিৰ পৰা লোকসভা নিৰ্বাচন খেলে । ধুবুৰীৰ পৰা ক্ৰমে ২০০৯, ২০১৪ আৰু ২০১৯ চনত তেওঁ সাংসদ নিৰ্বাচিত হয় । কিন্তু ২০২৪ চনত তেওঁক পৰাস্ত কৰে ৰকিবুল হুছেইনে ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া