দিছপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ জয়লাভ
গুৱাহাটী, ০৪ মে্ৰ (হি.স.)। চলি আছে অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা। এতিয়ালৈকে প্ৰায় কুৰিখন আসনত নিশ্চিত বিজয় লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে। দিছপুৰ সমষ্টিত জয়লাভ কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে। পুনৰ নিৰ্বাচনত পৰাস্ত হ’ল কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ। মাত
দিছপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ জয়লাভ


গুৱাহাটী, ০৪ মে্ৰ (হি.স.)। চলি আছে অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা। এতিয়ালৈকে প্ৰায় কুৰিখন আসনত নিশ্চিত বিজয় লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে। দিছপুৰ সমষ্টিত জয়লাভ কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে। পুনৰ নিৰ্বাচনত পৰাস্ত হ’ল কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ।

মাত্ৰ কিছুদিন পূৰ্বে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা প্ৰদ্যুৎ বৰদলৈয়ে দিছপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰে আৰু বৃহৎ ব্যৱধানত বিজয়ৰ হাহি মাৰিবলৈ সক্ষম হয় । প্ৰদ্যুৎ বৰদলৈয়ে ১,০৩,৩৩৭ টা ভোট লাভ কৰি নিকটতম প্ৰাৰ্থী কংগ্ৰেছৰ মীৰা বৰঠাকুৰক ৪৯,৬৬৭ টা ভোটৰ ব্যাৱধানত পৰাস্ত কৰে।

উল্লেখ্য যে ২০২৩ চনত গুৱাহাটী লোকসভা সমষ্টিত পৰাস্ত হৈছিল মীৰা বৰঠাকুৰ, ২০২১ চনত পশ্চিম গুৱাহাটী সমষ্টিত পৰাস্ত হৈছিল মীৰা বৰঠাকুৰ। এনেদৰে যেন মীৰা বৰঠাকুৰৰ পৰাজয়ৰ ধাৰা অক্ষুণ্ণ থকা আজি দেখিবলৈ পোৱা গ’ল।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande