কোকৰাঝাৰত আৰম্ভ ভোটগণনা
কোকৰাঝাৰত আৰম্ভ ভোটগণনা ।
কোকৰাঝাৰত আৰম্ভ ভোটগণনা ।


কোকৰাঝাৰ, ০৪ মে’ (হি.স.): অসম বিধানসভা নিৰ্বাচনৰ আজি ভোটগণনা কৰা হৈছে। ৰাজ্য়ৰ অন্য়ান্য় প্ৰান্তৰ দৰে কোকৰাঝাৰতো আৰম্ভ হৈছে ভোটগণনা । ৰাতিপুৱা ৮:০০ বজাৰ পৰা আৰম্ভ হয় ভোটগণনা । পোনপ্ৰথমে পোষ্টেল বেলটসমূহ গণনা কাৰ্য আৰম্ভ হৈছে। ইয়াৰ পিছতে ইভিএমত থকা ভোটগণনা কৰাৰ ব্য়ৱস্থা কৰা হৈছে ।

কোকৰাঝাৰ জিলাত থকা পাঁচটা সমষ্টিৰ বাবে আৰম্ভ হৈছে ভোটগণনা । ইয়াৰ বাবে প্ৰশাসনৰ ব্যাপক তৎপৰতা দেখিবলৈ পোৱাৰ লগতে নিছিদ্ৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ত আৰম্ভ হৈছে ভোটগণনা । ইয়াৰে কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত কোকৰাঝাৰ , বাওখুংগ্ৰী আৰু দোতমা সমষ্টিৰ বাবে ভোটগণনা আৰম্ভ হোৱাৰ বিপৰীতে বড়োলেণ্ড বিশ্ববিদ্যালয়ত পৰ্বতঝোৰা আৰু গোসাঁইগাঁও সমষ্টিৰ বাবে আৰম্ভ হৈছে ভোটগণনা ।

উল্লেখ্য় যে কোকৰাঝাৰ সমষ্টিত ১৪ ৰাউণ্ড, বাওখুংগ্ৰীত ১৬ ৰাউণ্ড, দতমাত ১৩ ৰাাউণ্ড, পৰ্বতঝোৰাত ১৭ ৰাউণ্ড আৰু গোসাঁঁইগাঁৱত ১১ ৰাউণ্ডত ভোটগণনা সম্পন্ন হ'ব ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande