বিহাৰৰ ভাগলপুৰত গংগা নদীৰ ওপৰত থকা বিক্ৰমশিলা দলঙৰ শ্লেৱ ভাঙি মাজনিশাৰ পৰা যাতায়ত বন্ধ
ভাগলপুৰ, ০৪ মে’ (হি.স.)। বিহাৰৰ ভাগলপুৰৰ গংগা নদীৰ ওপৰত বিক্ৰমশিলা দলং পুনৰ বিপদাপন্ন হৈ পৰিছে। মাজনিশা প্ৰায় ১২:৫০ বজাত দলঙৰ ১৩৩ নং স্তম্ভৰ সমীপত হঠাৎ এটা বৃহৎ পথৰ শ্লেৱ ভাঙি গংগা নদীত পৰি যায়। ধন্যবাদৰ পাত্ৰ যে থিতাতে নিয়োজিত আৰক্ষী আৰু প্ৰশা
मौजूद अधिकारी


टूटा हुआ हिस्सा


ভাগলপুৰ, ০৪ মে’ (হি.স.)। বিহাৰৰ ভাগলপুৰৰ গংগা নদীৰ ওপৰত বিক্ৰমশিলা দলং পুনৰ বিপদাপন্ন হৈ পৰিছে। মাজনিশা প্ৰায় ১২:৫০ বজাত দলঙৰ ১৩৩ নং স্তম্ভৰ সমীপত হঠাৎ এটা বৃহৎ পথৰ শ্লেৱ ভাঙি গংগা নদীত পৰি যায়।

ধন্যবাদৰ পাত্ৰ যে থিতাতে নিয়োজিত আৰক্ষী আৰু প্ৰশাসনৰ সজাগতাৰ বাবে এক বৃহৎ দুৰ্ঘটনা ৰোধ হ’ল। সেই সময়ত দলঙত কেইবাখনো বাহন আছিল যদিও সময়মতে সকলোকে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয়।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে জিলা দণ্ডাধীশ নৱল কিশোৰ চৌধুৰী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। তেওঁ উল্লেখ কৰে যে নিৰাপত্তাৰ কাৰণে বিক্ৰমশিলা দলঙৰ যাতায়ত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। দলঙৰ দুয়ো মূৰত বেৰিকেড স্থাপন কৰা হৈছে। তদন্তৰ বাবে মাতি অনা হৈছে কাৰিকৰী বিশেষজ্ঞৰ এটা দল।

এছ এছ পি প্ৰমোদ যাদৱে কয় যে সকলো বাহন বিকল্প পথলৈ ডাইভাৰ্ট কৰা হৈছে। এতিয়া ভাগলপুৰৰ পৰা নৱগাছি আৰু সীমাঞ্চললৈ যোৱা লোকসকলে মুংগেৰ আৰু চুলতাংগঞ্জ হৈ যাত্ৰা কৰিব লাগিব।

মন কৰিবলগীয়া যে বিক্ৰমশিলা সেতুৱে উত্তৰ আৰু দক্ষিণ বিহাৰক সংযোগ কৰা এক গুৰুত্বপূৰ্ণ সংযোগী। ইয়াৰ বন্ধৰ ফলত জনসাধাৰণৰ গতিবিধি আৰু ব্যৱসায়িক কাৰ্যকলাপত প্ৰভাৱ পৰিব পাৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande