
কাৰ্বিআংলং, ০৪ মে' (হি.স.)। চৰকাৰী অনুদানলৈ বাট নাচাই শিক্ষক-কৰ্মচাৰীৰ নিজা গাঁঠিৰ ধনেৰে কালি বিয়লি ষষ্ঠ শ্ৰেণীৰ ৮ গৰাকী শিক্ষাৰ্থীক বিনামূলীয়া চাইকেল বিতৰণ ।
দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক যাত্ৰা সুগম কৰাৰ লক্ষ্যৰে পূৱ গজালিপাৰ সেনাপতি তুলাৰাম হাচুমছা এম.ই. স্কুলৰ কৰ্তৃপক্ষ তথা শিক্ষক-কৰ্মচাৰীয়ে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ । বিদ্যালয়খনলৈ অহা-যোৱাৰ ক্ষেত্ৰত যাতায়তৰ অসুবিধা দূৰ কৰি শিক্ষাৰ্থীসকলক উৎসাহিত কৰিবলৈ কোনো চৰকাৰী সাহায্যৰ বাবে ৰৈ নাথাকি তেওঁলোকে নিজা ধনেৰে ৮ গৰাকী মেধাৱী তথা দৰিদ্ৰ শিক্ষাৰ্থীক বিনামূলীয়াকৈ চাইকেল প্ৰদান কৰে ।বিদ্যালয়খনৰ এই বিশেষ কাৰ্যসূচীয়ে বৰ্তমান সচেতন মহল তথা স্থানীয় ৰাইজৰ মাজত ব্যাপক প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ।
অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰধান শিক্ষক নিতুল লস্কৰৰ নেতৃত্বত সহকাৰী শিক্ষক ক্ৰমে বিশ্বজিৎ ডিব্ৰাগেদে, অৰবলা কেম্প্ৰাই, ৰিংকু শইকীয়া, নিগম ফংলছা, বিকাশ হাঞ্চে আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হৰ্ষবৰ্ধন কেম্প্ৰাইৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সক্ৰিয় সহযোগিতাত এই চাইকেলসমূহ বিতৰণ কৰা হয় ।ইয়াৰ সমান্তৰালভাৱে, বিদ্যালয়খনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭০% লাভ কৰা ছাত্ৰী প্ৰতিক্ষা লস্কৰ আৰু উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত ৮১% নম্বৰ লাভ কৰা ঐনিতম লস্কৰক উষ্ম আদৰণি জনাই তেওঁলোকৰ কৃতিত্বক সন্মান প্ৰদৰ্শন কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ