
আগৰতলা, ০৪ এপ্ৰিল (হি.স.)। ত্ৰিপুৰাৰ ৫৬ নং ধৰ্মনগৰ বিধানসভা সমষ্টিৰ বাবে উপ-নিৰ্বাচন ২০২৬ত বিজেপিয়ে জয়লাভ কৰিছে। নিৰ্বাচন আয়োগে ঘোষণা কৰা নিৰ্বাচনী ফলাফল অনুসৰি বিজেপি প্ৰাৰ্থী জাহৰ চক্ৰৱৰ্তীয়ে ২৪,২৯১ টা ভোট লাভ কৰি নিকটতম চি পি আই (এম) প্ৰাৰ্থী অমিতাভ দত্তক ১৮,২৯০ টা ভোটত পৰাস্ত কৰে। মুঠ ৬,০০১ টা ভোট লাভ কৰে অমিতাভ দত্তই।
উল্লেখযোগ্য যে আজি পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হৈছে। কংগ্ৰেছ প্ৰাৰ্থী চয়ন ভট্টাচাৰ্যই মাত্ৰ ৫,৯৩৬ টা ভোট লাভ কৰাৰ বিপৰীতে ৪৪৪ জন ভোটাৰে নোটাৰ বিৰুদ্ধে ভোটদান কৰে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ