উত্তৰ প্ৰদেশৰ জালাউনত পথ দুৰ্ঘটনাত ৬ জনৰ মৃত্যু
ওৰাই, ০৪ মে’ (হি.স.)। উত্তৰ প্ৰদেশৰ জালাউন জিলাত আজি পুৱা সংঘটিত পথ দুৰ্ঘটনাত ৬ জন লোক নিহত হোৱাৰ লগতে ৪ জন গুৰুতৰভাৱে আহত হয়। ঝান্সী-কানপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কল্পী অঞ্চলৰ জোলহুপুৰ গাঁৱৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। আৰক্ষীয়ে জনোৱা মতে, অযোধ্যাৰ
हादसे के बाद घटनास्थल की फोटो


ওৰাই, ০৪ মে’ (হি.স.)। উত্তৰ প্ৰদেশৰ জালাউন জিলাত আজি পুৱা সংঘটিত পথ দুৰ্ঘটনাত ৬ জন লোক নিহত হোৱাৰ লগতে ৪ জন গুৰুতৰভাৱে আহত হয়। ঝান্সী-কানপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কল্পী অঞ্চলৰ জোলহুপুৰ গাঁৱৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।

আৰক্ষীয়ে জনোৱা মতে, অযোধ্যাৰ শ্ৰী ৰাম মন্দিৰ পৰিদৰ্শন কৰি ললিতপুৰলৈ উভতি আহিছিল এখন টাভেৰা গাড়ীত থকা এটা পৰিয়াল। গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰি ভিতৰত সকলোকে আবদ্ধ কৰি পেলালে। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উপস্থিত হৈ গাড়ীৰ দুৱাৰ কাটি খুলি আহত আৰু মৃতদেহ উলিয়াই আনে।

সকলোকে ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত চিকিৎসকে ছয়জনক মৃত ঘোষণা কৰে। বাকী চাৰি আহতৰ অৱস্থা সংকটজনক। দুৰ্ঘটনাটোৰ ফলত ঘাইপথত দীৰ্ঘদিনীয়া যান-জঁটৰ সৃষ্টি হয়। আৰক্ষীয়ে হতাহত সকলক চিনাক্তকৰণৰ বাবে কাম কৰি আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande