ৰহা কটহগুৰিৰ সুমন্ত দেউৰীয়ে গুৰু আসনসহ বিভিন্ন সামগ্ৰী নিৰ্মান কৰি নিজ প্ৰতিভাৰে দেখুৱাইছে স্বাৱলম্বীতাৰ নিদৰ্শন
ৰহা কটহগুৰিৰ সুমন্ত দেউৰীই গুৰু আসন সহ বিভিন্ন সামগ্ৰী নিৰ্মান কৰি নিজ প্ৰতিভাৰে দেখুৱাইছে স্বাৱলম্বীতাৰ নিদৰ্শন ৷
ৰহা কটহগুৰিৰ সুমন্ত দেউৰীয়ে গুৰু আসনসহ বিভিন্ন সামগ্ৰী নিৰ্মান কৰি নিজ প্ৰতিভাৰে দেখুৱাইছে স্বাৱলম্বীতাৰ নিদৰ্শন


নগাঁও, ০৪ মে’ (হি.স.): নগাঁও জিলাৰ ৰহা কটহগুৰিৰ সুমন্ত দেউৰী নামৰ লোকজনে নিজ কৰ্মশৈলীৰে চৰ্চিত হোৱাৰ লগতে সংস্থাপনৰো বাট মুকলি কৰিছে। দেউৰীয়ে গুৰু আসন সহ বিভিন্ন সামগ্ৰী নিৰ্মান কৰি নিজ প্ৰতিভাৰে ৰাইজৰ মাজত দেখুৱাইছে স্বাৱলম্বীতাৰ নিদৰ্শন ৷

সুমন্ত দেউৰীয়ে নিখুত ভাৱে নিৰ্মাণ কৰা সামগ্ৰী সমূহ সকলোৰে আকষণৰ কেন্দ্ৰবিন্দু হৈ উঠিছে ৷ উক্ত কৰ্মশৈলীৰ শলাগ জ্ঞাপন কৰি যোৱা কালি দেওবাৰে বিয়লি লিলৰহা আঞ্চলিক মানৱ অধিকাৰ সংগ্ৰাম সমিতি মাছ, ৰহা শাখা সাহিত্য সভা, ৰহা আঞ্চলিক কোচ ৰাজবংশী সন্মিলনী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰহা আঞ্চলিক সমিতিৰ বিষয়ববীয়া উপস্থিত হৈ উষ্ম আদৰণি জনাই সৃষ্টিশীলতা জনক অনুপ্ৰেৰণা প্ৰদান কৰে ৷ লগতে সহায় সহযোগিতা আগবঢ়াই যোৱাৰো আশ্বাস দিয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande