
ধেমাজি, ০৪ মে’ (হি.স.): ধেমাজি জিলাৰ চিলপথাৰ থানাৰ অন্তৰ্গত কুলাজানত আজি সোমবাৰে পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাত চাৰিজন লোক মৃত্য়ুমুখত পৰে।
জানিব পৰা অনুসৰি যোৱা কালি নিশা চিমেন চাপৰিৰ পৰা বিয়া খাই ঘৰলৈ ঘূৰি আহি থকা অৱস্থাত কুলাজানত দুৰ্ঘটনাত পতিত হয় এএছ ০৭ টি ৩৮৫৩ নম্বৰৰ এল্ট বাহন এখন। অনুমান কৰা অনুসৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কুলাজান তিনিআলিৰ ৯০ ডিগ্ৰী কেকুঁৰিটোত নিশা ধৰিব নোৱাৰি নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰ জোৰেৰে পথৰ দাঁতিত থকা এজোপা বৃহৎ আকাৰৰ গছত খুন্দা মাৰে গাড়ীখনে । দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বাহনখনৰ সন্মুখৰ অংশটো সম্পূৰ্ণৰূপে ভাঙি চুড়মাৰ হৈ যায় ।
জানিব পৰামতে বাহনখনত আছিল পাঁচ জনকৈ লোক । ইয়াৰে গোগামুখ শান্তিপুৰ গাঁৱৰ গোবিন্দ ঘোষ (৩৫) আৰু বৰপেটা ৰোডৰ বালিকুৰি গাঁৱৰ অখিল ঘোষ (৪৭) নামৰ লোক দুজনৰ থিতাতে নিহত হয়। আনহাতে গুৰুতৰভাৱে আহত গোগামুখ ভেবেলী সোণোৱাল গাঁৱৰ ভদ্ৰেশ্বৰ সোণোৱাল (৫৬) আৰু গোগামুখ নপাম গাঁৱৰ পংকজ শইকীয়া (৫০) নামৰ লোক দুজনৰ চিলাপথাৰ আদৰ্শ চিকিৎসালয়ত মৃত্যু হয় । ইফালে গোগামুখ বালিগাঁৱৰ বিমল বিশ্বাস (৪৫) নামৰ লোকজনক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰগড়লৈ প্ৰেৰণ কৰা হৈছে ।
নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনটোত ৰাতিপুৱাই এনে এক ভায়নক দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ