চামগুৰিৰ আমনিত ভয়ংকৰ পথ দুৰ্ঘটনা
চামগুৰিৰ আমনিত ভয়ংকৰ পথ দুৰ্ঘটনা।
চামগুৰিৰ আমনিত ভয়ংকৰ পথ দুৰ্ঘটনা


নগাঁও ০৪ মে’ (হি.স.): নগাঁও জিলাৰ চামগুৰিৰ আমনিত যোৱা কালি সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ।এজন চাইকেল আৰোহী ডিভাইদাৰ পাৰ হ'বলৈ ধৰোঁতেই এখন মটৰ চাইকেলে খুন্দা মাৰে । দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হয় খলীহামাৰিৰ চাইকেল আৰোহী মজিবুৰ ৰহমান নামৰ লোকজন ।

আনহাতে এই দুৰ্ঘটনাত এজন মটৰচাইকেল আৰোহী আহত হোৱাৰ লগতে আন এজনে পলায়ন কৰে । আহত মটৰ চাইকেল আৰোহী জন মিছামুখৰ টিটু দাস বুলি পৰিচয় পোৱা গৈছে । ইফালে খৱৰ দিয়াৰ বহু পলম কৈ উপস্থিত হয় ১০৮ বাহন । পিছত ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ তদাৰক কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande