গহপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত ২
গহপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা ।
গহপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত ২


বিশ্বনাথ, ০৪ মে’ (হি.স.): বিশ্বনাথ জিলাৰ গহপুৰত যোৱা কালি দেওবাৰে বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে বিয়া খাবলৈ অহা এটি পৰিয়ালৰ ।

জানিব পৰামতে, চতিয়াল চুকৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত ৰখাই থোৱা দুখনকৈ বাহনত প্ৰচণ্ড খুন্দা মাৰে গ্ৰেণ্ড আইটেন বাহন এখনে। খুন্দা মৰা বাহনখনত এটি পৰিয়ালে বিহালীৰ বেদেতীৰ পৰা লক্ষীমপুৰ জিলাৰ ধলপুৰলৈ গৈ আছিল । কথমপি প্ৰাণ ৰক্ষা গ্ৰেণ্ড আইটেনত বিয়া খাবলৈ অহা পৰিয়ালটিৰ । এই ঘটনাত দুজন গুৰুতৰ ভাৱে আহত হয়। তেওঁলোকক ততালিকে নিকটৱৰ্তী হাস্পতাললৈ লৈ যোৱা হয়। দুৰ্ঘটনাত পতিত গ্ৰেণ্ড আইটেন খনৰ নম্বৰ এএছ ০৭ এম ২৯৫৭ বুলি জানিব পৰা গৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande