অভয়াপুৰীত অবৈধ কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে বনবিভাগৰ অভিযান, শালকাঠ জব্দ
বঙাইগাঁও, ০৪ মে'' (হি.স.)। অভয়াপুৰীত অবৈধ কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে বনবিভাগৰ অভিযান। কালি নিশা অভয়াপুৰী বামুণগাঁৱত পথৰ দাতিত অসাধু ব্যৱসায়ীয়ে পেলাই ৰাখিছিল শালকাঠ ।অবৈধ শালকাঠ জব্দ কৰে অভয়াপুৰী বনবিভাগে। অভয়াপুৰী বনাঞ্চলিক বিষয়া শংকৰ ৰায়ৰ নেতৃত্বত এটি
অভয়াপুৰীত অবৈধ কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে বনবিভাগৰ অভিযান, শালকাঠ জব্দ


বঙাইগাঁও, ০৪ মে' (হি.স.)। অভয়াপুৰীত অবৈধ কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে বনবিভাগৰ অভিযান। কালি নিশা অভয়াপুৰী বামুণগাঁৱত পথৰ দাতিত অসাধু ব্যৱসায়ীয়ে পেলাই ৰাখিছিল শালকাঠ ।অবৈধ শালকাঠ জব্দ কৰে অভয়াপুৰী বনবিভাগে। অভয়াপুৰী বনাঞ্চলিক বিষয়া শংকৰ ৰায়ৰ নেতৃত্বত এটি দলে চলাইছিল এই অভিযানত।

গোপন সুত্ৰৰ তথ্যৰ ভিত্তিত চলোৱা এই অভিযানত দুইলক্ষাধিক মূল্যৰ শালকাঠ জব্দ কৰে বনবিভাগৰ দলটোৱে। জব্দকৃত অবৈধ শালকাঠ খিনি সম্প্ৰতি অভয়াপুৰী বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ জিম্মাত আছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande