নাগালেণ্ডৰ কোৰিডাং বিধানসভাৰ উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ জয়
কোহিমা, ০৪ এপ্ৰিল (হি.স.)। নাগালেণ্ডৰ ২৮ নং কোৰিডাং বিধানসভা সমষ্টিৰ বাবে ২০২৬ চনৰ উপ-নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিছে। নিৰ্বাচন আয়োগে ঘোষণা কৰা নিৰ্বাচনী ফলাফল অনুসৰি বিজেপিৰ প্ৰাৰ্থী ডাওচিয়েৰ আই ইমচেনে ৭,৩১৭ টা ভোটেৰে জয়লাভ কৰি নিকটতম নিৰ্দলীয
নিৰ্বাচন আয়োগ


কোহিমা, ০৪ এপ্ৰিল (হি.স.)। নাগালেণ্ডৰ ২৮ নং কোৰিডাং বিধানসভা সমষ্টিৰ বাবে ২০২৬ চনৰ উপ-নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিছে। নিৰ্বাচন আয়োগে ঘোষণা কৰা নিৰ্বাচনী ফলাফল অনুসৰি বিজেপিৰ প্ৰাৰ্থী ডাওচিয়েৰ আই ইমচেনে ৭,৩১৭ টা ভোটেৰে জয়লাভ কৰি নিকটতম নিৰ্দলীয় প্ৰাৰ্থীক ৩,১২৩ টা ভোটত পৰাস্ত কৰে।

উল্লেখযোগ্য যে আজি পুৱা ৮ বজাৰ পৰা গণনা আৰম্ভ হৈছিল। কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰে মাত্ৰ ১৪৪টা ভোট। শাসকীয় দল এন ডি পি পিয়ে কোনো প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাছিল। বিজেপিৰ সৈতে মিত্ৰতা কৰি ৰাজ্য চৰকাৰ পৰিচালনা কৰা এনডিপিপিয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande