
ধুবুৰী, ০৪ মে’ (হি.স.): ধুবুৰী জিলাৰ গোলক গঞ্জ বিছনদৈ মণ্ডলীত মৰেল পুলিছিঙৰ ঘটনা সংঘটিত হৈছে । এজন মুক বধিৰ যুৱকক চুৰি কৰা সন্দেহত মৰিয়াই মৰিয়াই হাত ভৰি ভাঙি দিয়াৰ অভিযোগ উত্থাপিত হৈছে।
জানিব পৰামতে, প্ৰায় এক সপ্তাহ আগত এই ঘটনা সংঘটিত হৈছিল গোলকগঞ্জ বিছনদৈত । ইফালে একাংশ লোকে ঘটনাটো গাপ দিয়াৰ চেষ্টা চলাইছিল। যাৰ ফলত পোহৰলৈ অহা নাছিল উক্ত ঘটনা । পিছত গোলকগঞ্জ আৰক্ষীয়ে ভূক্তভোগী লোকজনক উদ্ধাৰ কৰি ধুবুৰী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে। এই ঘটনাই সচেতন লোকসকলক উদ্বিগ্ন কৰি তুলিছে। লগতে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ