বকোৰ ছৈকাটাত লতামাকৰি বাঘৰ পোৱালি উদ্ধাৰ
বকোৰ ছৈকাটাত লতামাকৰি বাঘৰ পোৱালি উদ্ধাৰ
বকোৰ ছৈকাটাত লতামাকৰি বাঘৰ পোৱালি উদ্ধাৰ


কামৰূপ, ০৪ মে’ (হি.স.): কামৰূপ জিলাৰ বকোৰ ছৈকাটাৰ বনাঞ্চলত যোৱা কালি দেওবাৰে বিয়লি লতামাকৰি উদ্ধাৰ হোৱা ঘটনাক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে । স্থানীয় লোকে বননিত দুটাকৈ লতামাকৰি বাঘৰ পোৱালি দেখা পায় আৰু তৎক্ষণাৎ সজাগতা দেখুৱাই পোৱালি দুটা সুৰক্ষিতভাৱে উদ্ধাৰ কৰে ।

জানিব পৰা মতে, পোৱালি দুটা অতি সৰু আৰু অসহায় অৱস্থাত বনাঞ্চলীত অৱস্থিত আছিল । স্থানীয় বাসিন্দাসকলে কোনো ধৰণৰ ক্ষতি নকৰাকৈ পোৱালি দুটা সুৰক্ষিতভাৱে লৈ গৈ বন্দাপাৰা বনাঞ্চলিক কাৰ্যালয়ত চমজাই দিয়ে । বন বিভাগৰ কৰ্মচাৰীসকলে পোৱালি দুটা নিজৰ জিম্মাত লৈ স্বাস্থ্য পৰীক্ষা আৰম্ভ কৰিছে । বিশেষজ্ঞসকলৰ মতে, পোৱালি দুটা সম্ভৱতঃ মাতৃৰ পৰা পৃথক হৈ পৰিছিল। এতিয়া বন বিভাগে ইয়াক গুৱাহাটী স্থিত ৰাজ্যিক চিৰিয়াখানাত সংৰক্ষণ তথা সুৰক্ষাৰ হকে গতাই দিয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে । এই ঘটনাই স্থানীয় লোকসকলৰ সজাগতা আৰু বনজীৱ সংৰক্ষণৰ ক্ষেত্ৰত দায়িত্ববোধৰ এক সুন্দৰ উদাহৰণ আগবঢ়াইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande