উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দ্বাৰা অসমৰ চাপৰমুখ-শেনচোৱা খণ্ডত নতুন সেতু নিৰ্মাণৰ জৰিয়তে ৰেলৰ গতিবেগ বৃদ্ধি
গুৱাহাটী, ০৪ মে (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেই আন্তঃগাঁথনি উন্নয়নৰ দিশত ৩ মে, ২০২৬ তাৰিখে বৃহৎ সেঁতু নং ৭ সফলতাৰে মুকলি কৰি এক গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰিছে। লামডিং মণ্ডলৰ অধীনস্থ চাপৰমুখ-শেনচোৱা খণ্ডত স্থায়ী ট্ৰেক পৰিৱৰ্তনৰ সৈতে নতুন সেঁতুখন
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দ্বাৰা অসমৰ চাপৰমুখ-শেনচোৱা খণ্ডত নতুন সেতু নিৰ্মাণৰ জৰিয়তে  ৰেলৰ গতিবেগ বৃদ্ধি


গুৱাহাটী, ০৪ মে (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেই আন্তঃগাঁথনি উন্নয়নৰ দিশত ৩ মে, ২০২৬ তাৰিখে বৃহৎ সেঁতু নং ৭ সফলতাৰে মুকলি কৰি এক গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰিছে। লামডিং মণ্ডলৰ অধীনস্থ চাপৰমুখ-শেনচোৱা খণ্ডত স্থায়ী ট্ৰেক পৰিৱৰ্তনৰ সৈতে নতুন সেঁতুখন নিৰ্মাণ কৰা হৈছে। নতুন সেঁতুখন প্ৰি-ষ্ট্ৰেছড কংক্ৰিট শ্লেব আৰু ওপেন ৱেব গাৰ্ডাৰৰ সমন্বয়েৰে নিৰ্মিত, যি এক উল্লেখযোগ্য অভিযান্ত্ৰিকী উন্নয়নক প্ৰতিনিধিত্ব কৰে আৰু উক্ত স্থানত থকা পুৰণি সেঁতুখন প্ৰতিস্থাপন কৰিব।

এই সেঁতুখন পূৰ্বে মিটাৰ গজৰ সৈতে নিৰ্মাণ কৰা হৈছিল আৰু পিছলৈ শক্তিশালী কৰি ১৯৯৪ চনত ব্ৰড গজলৈ ৰূপান্তৰ কৰা হৈছিল। যিখনৰ পৰিচালনগত কিছুমান সীমাবদ্ধতা আছিল আৰু সেই স্থানত ৪০ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ স্থায়ী গতিবেগ সীমাবদ্ধতা (পিএছআৰ) আছিল। আধুনিকীকৰণ আৰু অধিক সুৰক্ষাৰ প্ৰয়োজনীতা উপলব্ধি কৰি, এই মণ্ডলে স্থায়ী ডাইভাৰ্চন এলাইনমেণ্টৰ সৈতে সেঁতুখন পুনৰ নিৰ্মাণ কৰাৰ কাম হাতত লয় যাতে খণ্ডটোত ৰেলৰ চলাচল অধিক সুগম আৰু সুৰক্ষিত হৈ পৰে।

নতুন সেতু আৰু পথ পৰিবৰ্তন কৰা ট্ৰেকটো প্ৰায় ছয় ঘণ্টাৰ ট্ৰাফিক ব্লকৰ ভিতৰত সুচাৰুৰূপে কৰা কাট-এণ্ড-সংযোগ কাৰ্যৰ জৰিয়তে দুয়োফালে থকা চলিত ৰেল লাইনৰ সৈতে সফলভাৱে সংযোগ কৰা হয়। পৰিচালনাজনিত বিভিন্ন অসুবিধা থাকিলেও, এই কাৰ্য দক্ষতাৰে সম্পূৰ্ণ কৰা হয় আৰু একেদিনতে এই খণ্ডটো ৰেলৰ চলাচলৰ বাবে মুকলি কৰি দিয়া হৈছিল। এই অভিযান্ত্ৰিক আৰু পৰিচালন বিভাগৰ দলসমূহৰ উচ্চমান সম্পন্ন পৰিকল্পনা, সমন্বয় আৰু কার্যসম্পাদনৰ প্ৰমাণ দিয়ে।

এই উন্নত আন্তঃগাঁথনি সম্পূৰ্ণ কৰাৰ ফলত পূৰ্বৰ ৪০ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ গতিবেগ সীমাবদ্ধতা অপসাৰণ কৰি খণ্ডটোত ৰেল চলাচল অধিক কাৰ্যক্ষম অধিক সুৰক্ষিত আৰু অধিক সুগম হৈছে। এই সফলতাই উত্তৰ-পূব সীমান্ত ৰেলৱেৰ আন্তঃগাঁথনি শক্তিশালী কৰি যাত্ৰী আৰু মালবাহী পৰিবহনৰ বাবে নিৰ্ভৰযোগ্য সেৱা নিশ্চিত কৰাৰ প্ৰতি অবিৰত প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande