
বৰপেটা, ০৪ মে (হি.স.)। পশ্চিম বংগত বিজেপিৰ বৃহত বিজয়ত মমতাৰ দূৰ্গ খহি পৰিলেও। অসমত খাতা খুলিবলৈ সক্ষম হৈছে টিএমচিয়ে। অসমৰ মন্দিয়া সমষ্টিত বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হৈছে টি এম চিয়ে।
টি এম চিৰ প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক শ্বেৰমান আলী আহমেদে মন্দিয়া সমষ্টিত বিজয় ধ্বজা উৰুৱাই টি এম চিৰ অসমত এইবাৰ খাটা খুলিবলৈ সক্ষম হয়। কংগ্ৰেছৰ প্ৰাক্তন বিধায়কগৰাকীয়ে প্ৰথমে কংগ্ৰেছ ত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰিছিল কিন্তু পিছত তেওঁ টি এম চিত যোগদান কৰি বিজয় লাভ কৰিবলৈ সক্ষম হৈছে। শ্বেৰমান আলীয়ে মুঠ ১১৩৪৮০ টা ভোট লাভ কৰে আৰু তেওঁৰ নিকটতম প্ৰাৰ্থী গৰাকীতকৈ ২৭৫৬১ টা ভোটৰ ব্যাৱধানত জয়লাভ কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী