মৰিয়নীত পুনৰ বিজয়ী ৰূপজ্যোতি কুৰ্মী, ৰাইজৰ দলৰ জ্ঞানশ্ৰীৰ পৰাজয়
গুৱাহাটী, ০৪ মে (হি.স.)। অসম বিধানসভা নিৰ্বাচনত ধূলিসাৎ হোৱাৰ দিশে কংগ্ৰেছৰ নেতৃত্বাধীন বিৰোধী ঐক্য। প্ৰায় ৪৯ খনকৈ অধিক আসনত জয় লাভ কৰিছে বিজেপিৰ নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটে। ইফালে মৰিয়নীত পুনৰ জয়লাভ কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে। ৰাজনীতিৰ পথাৰত খ
মৰিয়নীত পুনৰ বিজয়ী ৰূপজ্যোতি কুৰ্মী, ৰাইজৰ দলৰ জ্ঞানশ্ৰীৰ পৰাজয়


গুৱাহাটী, ০৪ মে (হি.স.)। অসম বিধানসভা নিৰ্বাচনত ধূলিসাৎ হোৱাৰ দিশে কংগ্ৰেছৰ নেতৃত্বাধীন বিৰোধী ঐক্য। প্ৰায় ৪৯ খনকৈ অধিক আসনত জয় লাভ কৰিছে বিজেপিৰ নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটে।

ইফালে মৰিয়নীত পুনৰ জয়লাভ কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে। ৰাজনীতিৰ পথাৰত খোজ পেলাই মুখথেকেচা খালে ডঃ জ্ঞানশ্ৰী বৰাই । চাকৰি ত্যাগ কৰি মৰিয়নীত ৰাইজৰ দলৰ হৈ প্ৰাৰ্থীত্ব আগবঢ়োৱা জ্ঞানশ্ৰীক আকোৱালি নল’লে মৰিয়নীৰ ৰাইজে। তেনেদৰে পুনৰ এবাৰ বিধায়ক হ’ল ৰূপজ্যোতি কুৰ্মী।

উল্লেখ্য যে ২০০৬ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ প্ৰথমবাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈছিল। ২০২১ চনৰ মে' মাহত তেওঁ মৰিয়নীৰ পৰা অসম বিধানসভা সদস্য হিচাপে নিৰ্বাচিত হৈছিল। ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি ৰমনী তাঁতীক ২৪৪৬ টা ভোটত পৰাস্ত কৰিছিল। কিন্তু পিছত দলত পদোন্নতি তথা অন্যান্য মতানৈক্যৰ বাবে তেওঁক ভাৰতীয় জাতীয় কংগ্ৰেছ পৰা বহিষ্কাৰ কৰা হৈছিল। অৱশেষত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত তেওঁ ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিছিল। কুৰ্মী প্ৰাক্তন কেবিনেট মন্ত্ৰী ৰূপম কুৰ্মী পুত্ৰ।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande