
গুৱাহাটী, ০৪মে(হি.স.)। গুৱাহাটী মহানগৰীৰ বেলতলা স্থিত ৰাজ্যিক বিজেপি কাৰ্যালয়ত আজি উৎসৱ মুখৰ পৰিবেশ। সদ্য অনুষ্ঠিত অসম বিধানসভা নিৰ্বাচন ২০২৬ত গেৰুৱা দল বিজেপিৰ অভুতপুৰ্ব সফলতাই ৰাজ্যিক বিজেপি কাৰ্যালয়ত আৱতৰীয়া দিপাৱলীৰ সৃষ্টি কৰিছে।
ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকিয়াই অসমৰ ৰাইজক ধন্যবাদ জনায়।বিজেপি দলক তৃতীয় বাৰৰ বাবে শাসনত অধিষ্ঠিত কৰিবলৈ সুযোগ দিয়াৰ বাবে অসমৰ ৰাইজক প্ৰশংসা কৰে। তেও কয় যে ,বিজেপি দলে পুনৰ অসমত সবকা চাথ সবকা বিকাশ নিটীক প্ৰাধান্য দি অসমত ইয়াৰ মিত্ৰ দল সমূহৰ সৈতে চৰকাৰ গঠন কৰিব।
দলৰ ৰাজ্যিক কাৰ্যালয়ত আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সণোৱাল,ৰাজ্যিক বিজেপি দলৰ সকলো বিষয়ববীয়া উপস্থিত থাকি বিজেপি দলৰ সকলো বিজয়ী প্ৰাৰ্থীক অভিনন্দন জনায়। অৱশ্য়ে একাংশ সমষ্টিত বিজেপি প্ৰাৰ্থী সকলৰ বিজয় হোৱাৰ বিষয়ে আনুষ্ঠানিক ঘোষণা বৰ্তমানো হোৱা নায়।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ