
হোজাই, ০৪ মে (হি.স.)। লামডিঙত নিশা চাঞ্চল্যকৰ ঘটনা। আৰ পি এছ এফ কলনীৰ পৰা ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে এজন জোৱানৰ মৃতদেহ।জানিব পৰা মতে,আৰ পি এছ এফ কলোনীৰ ৰে’লৱে কোৱাৰ্টাৰ নম্বৰ ৭৮২/এ পৰা মৃতদেহটো উদ্ধাৰ কৰা হয়।
মৃত জোৱানজনৰ নাম নাহাৰ সিং মীনা (৩৩)। তেওঁ আৰ পি এছ এফ ৰ প্ৰথম বেটেলিয়নৰ এজন কনষ্টেবল আছিল।স্থানীয় সূত্ৰ অনুসৰি, কৰ্মসূত্ৰে বৰ্তমান লামডিঙত তেওঁ অকলে বাস কৰিছিল। তেওঁৰ পত্নী আৰু তিনিজন সন্তান কিছুদিন পূৰ্বে নিজ ঘৰ ৰাজস্থানলৈ ঘূৰি গৈছিল।ঘটনাৰ খবৰ পাই তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হয় প্ৰশাসন। বৰ্তমান এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ উপস্থিতিত তদন্ত চলি আছে। ঘটনাস্থলীত উপস্থিত আছে ছিনিয়ৰ ডিভিজনেল ছিকিউৰিটি কমিছনাৰ, লামডিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু ফৰেনচিক টীমৰ সদস্যসকল।
প্ৰাথমিক ভাৱে এইটো আত্মহত্যা নে হত্যাকাণ্ড—সেই বিষয়ত সন্দেহৰ সৃষ্টি হৈছে। সম্পূৰ্ণ ঘটনাটো খতিয়ান কৰি আছে তদন্তকাৰী দল।পুলিচ সূত্ৰে জনোৱা অনুসৰি, তদন্ত সম্পূৰ্ণ নোহোৱালৈকে কোনো চূড়ান্ত সিদ্ধান্তত উপনীত হ’ব নোৱাৰি। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ