
গুৱাহাটী, ০৪ এপ্ৰিল (হি.স.)। অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ ভোটগণনা আজি পুৱাৰে পৰা অব্যাহত আছে। ভোটগণনা অনুসৰি ১২৬খন আসনৰ সকলোৰে ট্ৰেণ্ড আৰু ২৫খন আসনৰ ফলাফল ঘোষণা কৰা হৈছে ।
নিৰ্বাচন আয়োগে প্ৰকাশ কৰা আনুষ্ঠানিক তথ্য অনুসৰি বিজেপিয়ে এতিয়ালৈকে ২২খন আসন লাভ কৰিছে আৰু ৬০খন আসনত আগবাঢ়ি আছে । ইফালে বৰাক উপত্যাকাৰ ১১৬ নং কাটিগড়াত বিজেপি প্ৰাৰ্থী কমলাখ্যা দে পুৰকায়স্থই ৭৪,৬৭৯টা ভোট লাভ কৰি আগবাঢ়ি আছে। পুৰকায়স্থৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী অমৰ চান্দ জৈনে বৰ্তমানলৈ ৪২,৫৮৬টা ভোট লাভ কৰিছে। এনেক্ষেত্ৰত বিজেপিৰ কমলাখ্য দে পুৰকায়স্থই ৩২,০৯৩টা ভোটৰ ব্যৱধান গঢ়ি তুলিছে । এই সমষ্টিত এতিয়াও গণনা চলি আছে, গণনাৰ এই পৰ্যায়ত পুৰকায়স্থই আধিপত্য বিস্তাৰ কৰি আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া