
গুৱাহাটী, ০৪ এপ্ৰিল(হি.স.)। সদ্য অনুষ্ঠিত অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ আজি অনুষ্ঠিত ভোট গণনাৰ অন্তত নিউ গুৱাহাটী সমষ্টিত প্ৰতিদণ্ডিতা কৰা বিজেপিৰ দিপ্লু ৰঞ্জন শৰ্মাই ৮৯৬৩৬টা ভোট লাভ কৰি জয়যুক্ত হয়। বিজেপিৰ প্ৰাৰ্থী গৰাকী ১৭ ৰাউণ্ড গণনাৰ অন্তত তেওৰ নিকটতম প্ৰতিদণ্ডি কংগ্ৰেছৰ শান্তনু বৰাতকৈ ৪৭৬৬৮টা ভোটৰ ব্যৱধানত বিজয়ী সাব্যস্ত কৰে।
বিজেপিৰ প্ৰাৰ্থী গৰাকী ক্ৰমাগত ভাবে দিত্বীয় বাৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হৈছে। ২০২৪ চনত অনুষ্ঠিত অসম বিধানসভা নিৰ্বাচনৰ উপনিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী গৰাকী চামগুৰি বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল।কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুচেইনক পৰাজিত কৰি তেও অসম বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ