ৰাজ্যত পুৱা ৮ বজাৰ লগে লগে আৰম্ভ হ’ল ভোটগণনা
–৪০ টা ভোটকেন্দ্ৰত পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ প্ৰথমতে আৰম্ভ হৈছে পোষ্টেল বেলটৰ ভোটগণনা গুৱাহাটী, ০৪ মে'' (হি.স.)। ৰাজ্যৰ চল্লিছটা ভোটগণনা কেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে সোমবাৰে পুৱা আঠ ব
নিৰ্বাচন আয়োগ


–৪০ টা ভোটকেন্দ্ৰত পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ প্ৰথমতে আৰম্ভ হৈছে পোষ্টেল বেলটৰ ভোটগণনা

গুৱাহাটী, ০৪ মে' (হি.স.)। ৰাজ্যৰ চল্লিছটা ভোটগণনা কেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে সোমবাৰে পুৱা আঠ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা। প্ৰথমে আৰম্ভ হৈছে পোষ্টেল বেলটৰ ভোটগণনা। আজি নিৰ্ণয় হ'ব এশ ছাব্বিছটা সমষ্টিৰ ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।

উল্লেখ যে যোৱা ৯ এপ্ৰিলত এটা পৰ্যায়ত ৰাজ্যত অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচনৰ ভোটদান। এইবাৰ ৰাজ্যখনত অভিলেখ সংখ্যক ৮৫ দশমিক পাঁচ শতাংশ ভোটদান সম্পন্ন হৈছিল। এয়া ৰাজ্যখনৰ বাবে আছিল অভিলেখ সংখ্যক ভোটদান। এইবাৰ শাসকীয় বিজেপি দলে ৯০ খন , অগপ দলে ২৬ খন, বি পি এফ এ ১১ খন, কংগ্ৰেছে ৯৯ খন, অজাপ দলে ১০ খন, ৰাইজৰ দলে ১৩ খন, জে এম এম এ ১৯ খন, ইউ পি পি এলে ১৭ খন, চি পি আই দলে ৫ খন, এন পি পি দলে ২ খন, এ আইইউডিএফে ২৭ খন, টি এম চি এ ২৩ খন, আপে ২০ খন, চি পি আই এম দলে ২, চি পি আই এম এল দলে ২ খন, এ পি এইচ এল চি দল দলে ২ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ লগতে ২৫৯ গৰাকী প্ৰাৰ্থীয়ে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আৰু মাত্ৰ কেইঘণ্টামান পিছতে এইটো নিৰ্ধাৰিত হৈ পৰিব যে জনতা জনাৰ্দনে কাক এইবাৰ শাসনৰ গাদীত অধিষ্ঠিত কৰিব।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande