
গুৱাহাটী, ০৪ মে' (হি.স.)। ৰাজ্যৰ ১২৬খন বিধানসভা আসনৰ বাবে ইতিপূৰ্বে সম্পন্ন হোৱা অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা আজি পুৱা ৮ বজাৰ পৰা ২০২৬ চনৰ আৰম্ভ হৈছে। গণনা কৰা ১২৬খন আসনৰ ভোটগণনাৰ ট্ৰেণ্ড জানিব পৰা গৈছে। সেই অনুসৰি বিজেপিয়ে ৮০খন আসনত আগবাঢ়ি আছে, মিত্ৰ দলসমূহে ১০০খন আসনত আগবাঢ়ি আছে । বিজেপিৰ সকলো জ্যেষ্ঠ নেতাই ট্ৰেণ্ডত নিজৰ অগ্ৰগতি বজাই ৰাখিছে । ৰাজধানী গুৱাহাটীৰ পাঁচখন আসনতে আগবাঢ়ি আছে বিজেপি ।
ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে ২৪খন, এ আই ইউ ডি এফ দুখন আৰু ৰাইজৰ দলে এখন আসনত আগবাঢ়ি আছে । ইফালে বিজেপিৰ মিত্ৰ দল বিপিএফে ১০টাত আগবাঢ়ি আছে, আৰু অগপই ১০টা সমষ্টিত আগবাঢ়ি আছে।
যোৰহাট বিধানসভাৰ আসনৰ ১৪টা ৰাউণ্ডৰ ভিতৰত ৬টা ৰাউণ্ডৰ গণনা সম্পূৰ্ণ হৈছে। এই ৰাউণ্ডত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ বিজেপিৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীতকৈ ৯,২৮৫ টা ভোটত পিছ পৰি আছে। হিতেন্দ্ৰ নাথ গোস্বামীয়ে ২৭,৯০৩টা ভোট লাভ কৰাৰ বিপৰীতে গৌৰৱ গগৈয়ে ১৮,৬১৮টা ভোট লাভ কৰে ।
জালুকবাৰী বিধানসভাৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। এই আসনৰ বাবে আঠাইশটা ৰাউণ্ডৰ গণনাৰ কথা আছে, ইয়াৰে তিনিটা ইতিমধ্যে সম্পূৰ্ণ হৈছে। মুখ্যমন্ত্ৰীয়ে লাভ কৰে ১৮,৮০৫টা ভোট। ড° শৰ্মাই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী বিদিশা নেওগতকৈ ১১,৯৩৯ টা ভোটত আগবাঢ়ি আছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ