
ৰায়পুৰ, ০৪ মে’ (হি.স.)। ছত্তীশগড়ৰ কাৱৰ্ধ (কবীৰৰ্ধম) জিলাত যোৱাকালি ৩ আৰু ৪ মে’ৰ নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। পাণ্ডাতৰাই আৰক্ষী থানাৰ অন্তৰ্গত গণ্ডাই গাঁৱৰ সমীপৰ ফ’ক নদীত নিয়ন্ত্রণহীন গাড়ী এখন ডুব যোৱাৰ ফলত চাৰিজন যুৱকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হয় ৷
আৰক্ষীয়ে জনোৱা মতে, যুৱককেইজন ৰায়পুৰৰ বীৰগাঁও অঞ্চলৰ বাসিন্দা আৰু পাণ্ডাৰীয়াত বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহিছিল। বিয়াৰ ৰীতি-নীতি সম্পূৰ্ণ কৰি চিজি ১০ এ এছ ১০৮২ নম্বৰৰ টাটা টিয়াগো গাড়ীৰে ৰায়পুৰলৈ উভতি আহিছিল। তেওঁলোকৰ গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই গণ্ডাই গাঁৱৰ সমীপৰ ফ’ক নদীৰ দলঙত পৰা বাগৰি পৰে।
পাণ্ডাতৰাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে অত্যধিক গতিবেগ দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰধান কাৰণ বুলি উল্লেখ কৰে। দলঙৰ সমীপত এটা তীক্ষ্ণ ঘূৰণীয়া পাক আছে আৰু ইয়াতে চালকে গাড়ীখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখন পোনে পোনে নদীত বাগৰি পৰে।
দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত গাড়ীখনত মুঠ ৬ জন লোক আছিল। নিহত দুজন হৈছে অৰমান খান, সৌনফ, আনাছ আৰু কৌনেন। ইফালে জুনেইদ ৰাজা আৰু অৰ্জু খান নামৰ দুজন গুৰুতৰভাৱে আহত হোৱাত প্ৰথমে কাৱৰ্ধৰ জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু পিছত উন্নত চিকিৎসাৰ বাবে ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দুয়োৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে ওচৰৰ গাঁওবাসীয়ে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীক খবৰ দিয়ে। আৰক্ষী আৰু গাঁওবাসীয়ে যৌথভাৱে উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰে। যথেষ্ট কষ্টৰ অন্তত আহতসকলক গাড়ীৰ পৰা উলিয়াই আনি চিকিৎসালয়লৈ লৈ যোৱা হয়।
মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত পাণ্ডাৰীয়া স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ