
জালুকবাৰী সমষ্টিত মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ অগ্ৰগতি
তিনি গগৈৰ অখিল গগৈৰ শিৱসাগৰত অগ্ৰগতি
গুৱাহাটী, ০৪ মে' (হি.স.)। অসমত পুনৰ এবাৰ বিজেপি নেতৃত্বাধীন এন ডি এই চৰকাৰ গঠনৰ দিশত অগ্ৰসৰ হৈছে। বাতৰি লিখাৰ পৰলৈ বিজেপি দলে অকলেই ৭৯ টা সমষ্টিত জয়ৰ দিশত অগ্ৰসৰ হৈছে। আনহাতে বিৰোধী কংগ্ৰেছ দলে বাতৰি লিখাৰ পৰলৈ ২৪ খনত অগ্ৰগতি লৈ আছে। ইয়াৰ উপৰি বিজেপিৰ মিত্ৰদল ক্ৰমে বিপিএফ দলে ১০ খনত আৰু অগপ দলে ৯ খন আসনত অগ্ৰগতি লাভ কৰিছে। ইয়াৰ উপৰি এ আই ইউ ডি এফ দলে ২ খনত আৰু ৰাইজৰ দলে দুখন আসনত অগ্ৰগতি লাভ কৰি আছে।
ইফালে শেহতীয়া খবৰ অনুসৰি মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিত বৃহৎ অগ্ৰগতি লৈছে। জালুকবাৰী সমষ্টিত ড০ হিমন্ত বিশ্ব শৰ্মাই এইপৰ্যন্ত ৪৬,৭৩৭টা ভোট লাভ কৰিছে । কংগ্ৰেছ প্ৰাৰ্থী বিদিশা নেওগে লাভ কৰিছে ১৬,৫৭৮টা ভোট। ৩০,১৫৯টা ভোটত আগবাঢ়ি আছে হিমন্ত বিশ্ব শৰ্মা। ইফালে নিৰ্বাচনৰ পূৰ্বে তিনি গগৈ ক্ৰমে অজাপ নেতা লুৰিণ জ্যোতি গগৈ, এ পি চি চিৰ সভাপতি তথা যোৰহাটৰ প্ৰাৰ্থী গৌৰৱ গগৈ আৰু ৰাইজৰ দলৰ নেতা তথা শিৱসাগৰৰ বিধায়ক তথা এইবাৰৰ প্ৰাৰ্থী অখিল গগৈৰ নেতৃত্ব, ফলাফলৰ ওপৰতে বিৰোধীয়ে অতি নিৰ্ভৰ কৰিছিল যদিও এই তিনি গগৈৰ অখিল গগৈৰ বাহিৰে শেহতীয়া ফলাফল অনুসৰি আন দুই গগৈ ক্ৰমে লুৰিণ জ্যোতি গগৈ আৰু গৌৰৱ গগৈ এক বৃহৎ ব্যৱধানত নিকটতম প্ৰতিদ্বন্দ্বিতকৈ পিছ পৰি আছে। চতুৰ্থ ৰাউণ্ডৰ অন্তত শিৱসাগৰ সমষ্টিত অখিল গগৈয়ে অগ্ৰগতি লাভ কৰিছে।
শেহতীয়া তথ্য অনুসৰি ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈয়ে ৪৪৩৯টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছে ৩৭০৫টা ভোট। আনহাতে অজাপ নেতা তথা খোৱাং সমষ্টিৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে সমষ্টিটোত ষষ্ঠ ৰাউণ্ডৰ ভোটগণনাৰ পিছত পিছপৰি আছে। ৬,২০৫ টা ভোটত পিছপৰি আছে লুৰীণজ্যোতি। ২৮,৭৫৩টা ভোট লাভ বিজেপিৰ চক্ৰধৰ গগৈৰ। ২২,৫৪৮টা ভোট লাভ লুৰীণজ্যোতি গগৈৰ। আনহাতে বিৰোধী মিত্ৰজোটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাবে প্ৰক্ষেপ কৰা এ পি চি চিৰ সভাপতি তথা যোৰহাট সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়েও শেহতীয়া ট্ৰেণ্ড অনুসৰি পিছ পৰি আছে। গৌৰৱ গগৈয়ে নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ হিতেন্দ্ৰ নাথ গোস্বামীতকৈ ১৯,৬১৯ টা ভোটত পিছ পৰি আছে। ১২ ৰাউণ্ড ভোটগণনাৰ পিছত হীতেন্দ্ৰ নাথ গোস্বামীয়ে লাভ কৰিছে ৫৯১১৩ টা ভোট। ইয়াৰ বিপৰীতে গৌৰৱ গগৈয়ে লাভ কৰিছে ৩৯৪৯৪ টা ভোট। সমষ্টিটোত হীতেন্দ্ৰ নাথ গোস্বামীৰ বিজয় নিশ্চিত হৈ পৰিছে। কিয়নো আৰু মাত্ৰ দুটা ৰাউণ্ডৰ ভোটগণনাহে বাকী আছে সমষ্টিটোত।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী