
নগাঁও, ৩১ মে’ (হি.স.): নগাঁও জিলাৰ ৰূপহীহাটৰ কাৱৈমাৰী পৰা এগৰাকী এটি সন্তানৰ মাতৃ বিগত একমাহ ধৰি নিৰুদ্দেশ হৈ থকাৰ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে । ইফালে পত্নীক বিচাৰি হাঁহাকাৰ কৰিছে স্বামী আব্দুল আজিজে।
জানিব পৰামতে, কাৱৈমাৰীৰ পৰা শোণিতপুৰৰ জামুগুৰি বাকোলা গাঁৱৰ গাঁও প্ৰধানৰ প্ৰমাণ পত্ৰ আনিবলৈ গৈ নিৰুদ্দেশ হৈ আছে নুৰ জাহান খাতুন ওৰফে মইনা । একমাত্ৰ ৯ বছৰীয়া কন্যা সন্তাৰ ভৱিষ্যতৰ চিন্তা কৰি ঘৰলৈ উভতি আহিবলৈ আহ্বান জনাইছে স্বামীয়ে ।আত্মীয় স্বজনৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ সকলো ঠাইতে বিচাৰ খোচাৰ কৰিও মহিলাগৰাকীৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই । এই সমগ্ৰ ঘটনা সন্দৰ্ভত কাৱৈমাৰী আৰক্ষী পহৰা চকীত লিখিত জাননী দাখিল কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ